অসম

assam

ETV Bharat / state

দুৰ্গা পূজা অনুষ্ঠিত কৰাক লৈ কঠোৰ কোকৰাঝাৰ প্ৰশাসন - ক'ভিড অতিমাৰী

দুৰ্গা পূজাক লৈ কঠোৰ কোকৰাঝাৰ জিলা প্ৰশাসন ৷ চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰিহে পূজা অনুষ্ঠিত কৰাৰ নিৰ্দেশ কোকৰাঝাৰ জিলা প্ৰশাসনৰ ৷

দুৰ্গা পূজা অনুষ্ঠিত কৰাক লৈ কঠোৰ কোকৰাঝাৰ প্ৰশাসন
দুৰ্গা পূজা অনুষ্ঠিত কৰাক লৈ কঠোৰ কোকৰাঝাৰ প্ৰশাসন

By

Published : Oct 22, 2020, 9:49 PM IST

কোকৰাঝাৰ, 22 অক্টোবৰ:ক'ৰণা সৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোকৰাঝাৰ জিলা প্ৰশাসনৰ কঠোৰ ভূমিকা গ্ৰহন ৷ চৰকাৰে বান্ধি দিয়া ক'ভিড 19 সম্পৰ্কীয় নিয়ম সমূহ মানি চলি পূজা অনুষ্ঠিত কৰাৰ নিৰ্দেশ কোকৰাঝাৰ জিলা প্ৰশাসনৰ ৷ ক'ভিড-19 ৰ ভয়াবহতাৰ মাজতো কোকৰাঝাৰ জিলাত মুঠ 81 খন পূজা মণ্ডপত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে ৷ জিলাখনত ৰাইজে দুৰ্গা পূজাৰ আয়োজন কৰাৰ বিপৰীতে কোকৰাঝাৰ জিলা প্ৰশাসনে গ্ৰহন কৰিছে বিশেষ ভূমিকা ৷ বিশেষকৈ চৰকাৰে বান্ধি দিয়া ক'ভিড 19 সম্পৰ্কীয় নিয়ম সমূহ পালন কৰাক লৈ কোকৰাঝাৰ জিলা প্ৰশাসন যথেষ্ঠ সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে ৷

বৃহস্পতিবাৰে কোকৰাঝাৰ জিলাৰ জিলা উপায়ুক্ত ভাস্কৰ ফুকনে সংবাদ মাধ্যমক জনাই যে ক'ভিড অতিমাৰীৰ মাজতে উদযাপন হ'বলগীয়া দুৰ্গা পূজাক লৈ জিলা প্ৰশাসন সক্ৰিয় হৈছে ৷ তেওঁ কয় যে সকলো পূজা আয়োজক সমিতিয়ে যাতে চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰিহে পূজা অনুষ্ঠিত কৰে তাৰ প্ৰতি জিলা প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিব ৷

লগতে পঢ়ক:ডিব্ৰুগড়ত দেৱী বিসৰ্জন শেষ নোহোৱা পৰ্যন্ত ড্ৰাই ডে ঘোষণা

ABOUT THE AUTHOR

...view details