কোকৰাঝাৰ ২৯ জানুৱাৰী :কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ ৷ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে ৷ ইয়াৰ পিচতে জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ (IAS Varnali Deka) ৷
অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল জিলা উপায়ুক্ত বৰ্ণালী ডেকাই (District commissioner Varnali Deka apologized) । জিলা উপায়ুক্তৰ টিফিন বক্স বেগত ভৰায় নিদিয়াৰ বাবেই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনক দুৰ্ব্যৱহাৰ কৰাৰ লগতে শাৰীৰিকভাৱেও অপদস্থ কৰিছিল জিলা উপায়ুক্তগৰাকীয়ে । প্ৰথমে খাদ্যসামগ্ৰী থকা হটকেচৰ ঢাকোন খুলি কৰ্মচাৰীগৰাকীৰ গালৈ দলিয়ায় আৰু তাৰ পাচতে কৰ্মচাৰীগৰাকীক প্ৰহাৰ কৰে বুলি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসে অভিযোগ উত্থাপন কৰিছে ৷ কেৱল এয়াই নহয় কৰ্মচাৰীজনক ১৫/২০ মিনিট সময় ধৰি থিয় কৰাই ৰাখি শাস্তি প্ৰদান কৰা বুলিও অভিযোগ উত্থাপন হৈছে জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে ((Kokrajhar DC thrashes employee) ৷
জিলা উপায়ুক্তৰ প্ৰহাৰৰ পিছতে দীপক দাস কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে (RNB Civil Hospital in Kokrajhar) ৷ শনিবাৰে মাজনিশা কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়লৈ গৈ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ক্ষমা খোজা বুলি ভুক্তভোগী পৰিয়ালটোৱে সংবাদ মাধ্যমৰ আগত সদৰি কৰে । জিলা উপায়ুক্তৰ প্ৰহাৰত চিকিৎসাধীন অৱস্থাত থকা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসৰ জীয়াৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে কালি নিশা ঘটনাৰ মীমাংসা কৰিবলৈ জিলা উপায়ুক্ত সহিতে কৃষি বিভাগৰ বিষয়া, কৰ্মচাৰী পৰিষদৰ নেতৃবৰ্গ চিকিৎসালয়ত উপস্থিত হয় আৰু জিলা উপায়ুক্তই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসৰ তৰফৰ পৰা লিখিত ক্ষমা বিচাৰে ৷