কোকৰাঝাৰ, ১৬ এপ্ৰিল: সমগ্ৰ দেশৰ লগতে অসমতো পূৰ্বৰ তুলনাত বৃদ্ধি হৈছে ক'ভিড-১৯ ৰ সংক্ৰমণ । কোকৰাঝাৰ জিলাতো শেহতীয়াকৈ দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ শুকুৰবাৰে জিলাখনত নতুনকৈ ১০ জন লোক এই অতিমাৰীৰ কবলত পৰে ।
জানিব পৰা মতে, কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত শুকুৰবাৰে ৩৫০ গৰাকী লোকৰ ক'ভিড-১৯ পৰীক্ষা কৰোৱা হয় আৰু ১০ গৰাকী লোকৰ দেহত ক'ৰণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে । ইয়াৰে ৫ গৰাকী লোকক হোম আইচ'লেশ্যনত থকাৰ পৰামৰ্শ দিয়াৰ লগতে ৪ জন ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আনহাতে, আন এগৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।