অসম

assam

By

Published : Mar 20, 2019, 10:27 PM IST

ETV Bharat / state

কোকৰাঝাৰত সমাপ্ত দুবছৰীয়া ডি.এল.ই.ডি. ডিপ্ল'মা প্ৰশিক্ষণ কাৰ্যসূচী

ডি.এল.ই.ডি. ডিপ্ল'মা পাঠ্যক্ৰমৰ দুবছৰীয়া প্ৰশিক্ষণৰ বিদায় কাৰ্যসূচী অংশগ্ৰহণ কৰে প্ৰতিষ্ঠানখনৰ  শিক্ষক শিক্ষয়ত্ৰীৰ লগতে শিক্ষাৰ্থীসকলে

কোকৰাঝাৰত ডি.এল.ই.ডি. ডিপ্লোমা পাঠ্যক্ৰমৰ দুবছৰীয়া প্ৰশিক্ষণৰ বিদায় কাৰ্যসূচী

কোকৰাঝাৰ,20মাৰ্চ: কোকৰাঝাৰ চহৰৰ মোকৰাপাৰাস্থিত এচ.এ.মেমৰিয়েল নামৰ বেচৰকাৰী শিক্ষানুষ্ঠানত বুধবাৰে অনুষ্ঠিত হয় ডি.এল.ই.ডি.ডিপ্লোমা দুবছৰীয়া পাঠ্যক্ৰমৰ বিদায় প্ৰশিক্ষণ কাৰ্যসূচী ৷ এই অনুষ্ঠানত নামনি অসমৰ পাঁচ শতাধিক শিক্ষক শিক্ষয়ত্ৰীৰ লগতে এচ.এ.মেমৰিয়েলৰ শিক্ষাৰ্থীসকল উপস্থিত থাকে ৷

কোকৰাঝাৰত ডি.এল.ই.ডি. ডিপ্লোমা পাঠ্যক্ৰমৰ দুবছৰীয়া প্ৰশিক্ষণৰ বিদায় কাৰ্যসূচী

শিক্ষানুষ্ঠানখনত কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ নিৰ্দেশত অনুষ্ঠিত হোৱা প্ৰাথমিক শিক্ষাৰ ডি.এল.ই.ডি. (DLED)ৰ ডিপ্ল'মা দুবছৰীয়া পাঠ্যক্ৰমৰ বিদায় প্ৰশিক্ষণৰ সফল সামৰণী হোৱাৰ বাবেই এক সাংস্কৃতিক সমাৰোহৰ কাৰ্যসূচী অনুষ্ঠিত হয়৷ শিক্ষক-শিক্ষয়ত্ৰীসকলৰ বিদায় সমাৰোহৰ সৈতে সংগতি ৰাখি এচ এ মেমোৰিয়েল শিক্ষানুষ্ঠানখনত এখন মুকলি সভাৰো আয়োজন কৰে৷ যত উপস্থিত থাকে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড0প্ৰহ্লাদ বসুমতাৰী ৷ বসুমতাৰীয়ে শিক্ষক-শিক্ষয়ত্ৰীসকলক অনাগত দিনত নামনি অসমৰ স্কুল সমূহত তেওঁলোকৰ কৌশল আৰু দক্ষতাৰে নতুন প্ৰজন্মক গঢ় দি সুস্থ সমাজ গঢ়াৰো আহ্বান জনায়৷

ABOUT THE AUTHOR

...view details