অসম

assam

ETV Bharat / state

কোকৰাঝাৰত ডিটেনশ্বন কেম্পত বস্ত্ৰ বিতৰণ - ETV BHARAT

গুৱাহাটীস্থিত "নাগৰিক অধিকাৰ সংৰক্ষণ আৰু সংগ্ৰাম মঞ্চ অসম" নামৰ সামাজিক সংগঠনৰ তৰফৰ পৰা কাৰাগাৰ আৰু ডিটেনশ্বন কেম্পত আৱদ্ধ হৈ থকা লোকৰ মাজত বস্ত্ৰ বিতৰণৰ পদক্ষেপ

KOKRAJHAR CLOTH DISTRIBUTION

By

Published : Mar 4, 2019, 7:42 PM IST

কোকৰাঝাৰ, 4 মাৰ্চ: "নাগৰিক অধিকাৰ সংৰক্ষণ আৰু সংগ্ৰাম মঞ্চ অসম" নামৰ সামাজিক সংগঠন এটাই আজি কোকৰাঝাৰ জিলা কাৰাগাৰৰ ডিটেনশ্বন কেম্পত বস্ত্ৰ বিতৰণ কৰে ৷ গুৱাহাটীস্থিত এই সংগঠনটোৱে কোকৰাঝাৰ জিলা কাৰাগাৰৰ ডিটেনশ্বন কেম্পত উপস্থিত হৈ কেম্পত আৱদ্ধ হৈ থকা লোকৰ মাজত দখনা , টাৱেল , শাৰী , কম্বল আদি বিতৰণ কৰে ৷

KOKRAJHAR CLOTH DISTRIBUTION

ইয়াৰ পিছতে ফৰামৰ সভাপতি মইজউদ্দিন মেহমুদ আৰু সাধাৰণ সম্পাদক সাহজামাল হকে কয় যে, সমগ্ৰ অসমতে সংগঠনৰ তৰফৰ পৰা কাৰাগাৰ আৰু ডিটেনশ্বন কেম্পত আৱদ্ধ হৈ থকা লোকৰ মাজত বস্ত্ৰ বিতৰণকৰাৰ বাবে আগভাগ লোৱা হৈছে ৷ প্ৰথম পৰ্যায়ত কোকৰাঝাৰ কাৰাগাৰত বস্ত্ৰ বিতৰণ কৰাৰ পাছত পৰ্যায়ক্ৰমে সমগ্ৰ অসমৰ ডিটেনশ্বন কেম্প সমূহত এই কাৰ্য সমাপন কৰা হ'ব । ইপিনে কাৰাগাৰত বস্ত্ৰ বিতৰণ কৰাৰ পূৰ্বে আইনীভাৱে বহু বাধা বিঘিনিৰ সৃষ্টি হোৱাৰ অভিযোগ তুলিছে সংগঠনৰ নেতাকেইগৰাকীয়ে । ফলত কাৰাগাৰৰ বাহিৰতে বস্ত্ৰৰ টোপোলা কাৰাগাৰ কৰ্তৃপক্ষক চমজাই দি ফ'ৰামৰ দলটোৱে গুৱাহাটীলৈ ৰাওনা হ'ব লগা হয় ৷

ABOUT THE AUTHOR

...view details