চি আই টিৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু - ৰহস্যজনক
কোকৰাঝাৰস্থিত বালাজানত থকা চি আই টি'ত দেওবাৰে নিশা প্ৰায় এক বজাত বিকাশ দাস নামৰ এজন ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ
কোকৰাঝাৰ, 5 আগষ্টঃ কোকৰাঝাৰস্থিত বালাজানত থকা চি আই টি'ত দেওবাৰে নিশা প্ৰায় এক বজাত বিকাশ দাস নামৰ এজন ছাত্ৰৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মৃত্যু হোৱা ছাত্ৰজন সপ্তম ষাণ্মাষিকৰ (বি.টেক) ছাত্ৰ আছিল আৰু ঘৰ বৰপেটা জিলাৰ দুহাটিৰ (ৱাৰ্ড নং ১০) বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ প্ৰাপ্ত বাতৰি মতে,দেওবাৰে চি.আই.টিত অধ্যয়নৰত আন এজন ছাত্ৰৰ জন্মদিন উপলক্ষে নিশা এক পাৰ্টিৰ আয়োজন চলিছিল ৷ কিন্তু নিশা পাৰ্টি চলি থকা অৱস্থাত হঠাৎ বিকাশ দাস ঢলি পৰে আৰু লগে লগে তেওঁক কোকৰাঝাৰৰ এখন ব্যক্তিগত হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে ছাত্ৰ গৰাকীক মৃত বুলি ঘোষণা কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷