অসম

assam

By

Published : Dec 25, 2020, 10:51 PM IST

ETV Bharat / state

কোকৰাঝাৰত উলহ-মালহেৰে পৱিত্ৰ বৰদিন উদযাপন

আজি পৱিত্ৰ বৰদিন । সমগ্ৰ বিশ্বতে আজিৰ এই পৱিত্ৰ দিনটো উলহ মালহেৰে উদযাপন কৰা হৈছে । খ্ৰীষ্ট ধর্মৰ প্ৰৱর্তক প্ৰভু যীশুক আজি পুনৰ এবাৰ শ্ৰদ্ধাৰে সোঁৱৰিছে সমগ্ৰ বিশ্ববাসীয়ে ।

kokrajhar Christmas Day Celebration
কোকৰাঝাৰত উলহ-মালহেৰে পৱিত্ৰ বৰদিন উদযাপন

কোকৰাঝাৰ, ২৫ ডিচেম্বৰ: আজি পৱিত্ৰ বৰদিন । সমগ্ৰ বিশ্বতে আজিৰ এই পৱিত্ৰ দিনটো উলহ মালহেৰে উদযাপন কৰা হৈছে । খ্ৰীষ্ট ধর্মৰ প্ৰৱর্তক প্ৰভু যীশুক আজি পুনৰ এবাৰ শ্ৰদ্ধাৰে সোঁৱৰিছে সমগ্ৰ বিশ্ববাসীয়ে ।

কোকৰাঝাৰত উলহ-মালহেৰে পৱিত্ৰ বৰদিন উদযাপন

পৱিত্ৰ বৰদিন উপলক্ষে শুকুৰবাৰে কোকৰাঝাৰ চহৰৰ ডনবস্কো চৌহদত থকা ৰোমান কেথ’লিক গীৰ্জা, কদমতলাৰ টাউন বেপ্টিষ্ট গীৰ্জা, মালদাংপাৰাৰ লুথাৰিয়ান ইভানজিলিকেল গীৰ্জাৰ উপৰিও আদাবাৰী, বালাজান তিনালী আদি অঞ্চল সমূহতো বৰদিন উদযাপন কৰা হয় ৷ তদুপলক্ষে পুৱাৰ পৰাই গীৰ্জাসমূহত বিশ্বশান্তি, ভাতৃত্ববোধৰ বাণী প্ৰচাৰৰ অৰ্থে প্ৰভু যীশু বন্দনা, সমূহীয়া কেৰলৰ উপৰিও নৃত্য-গীত আদি পৰিৱেশন কৰা হয় ৷

আনপিনে ডনবস্কোৰ ৰোমান কেথলিক গীৰ্জাৰ বৰদিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা ৰাজ্যৰ সমাজ কল্যাণমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই জাতি, ধৰ্ম, বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজলৈ বৰদিন আৰু নতুন ইংৰাজী বৰ্ষ ২০২১ ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি বৰদিনে বিশ্বজুৰি শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে ৷ বিটিআৰৰ নতুন পৰিষদীয় চৰকাৰলৈ অভিনন্দন জ্ঞাপন কৰি নতুন পৰিষদীয় চৰকাৰখনে নিৰ্বাচনৰ সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কাম কৰিব বুলি আশা ব্যক্ত কৰে মন্ত্ৰী ব্ৰহ্মই ৷

উল্লেখ্য যে, বিপিএফ দল এৰি ন-বিজেপি হোৱা এমচিএলএ (পাৰিষদ) ৰেওৰেৱা নাৰ্জীহাৰীয়ে কোকৰাঝাৰ টাউন বেপ্টিষ্ট গীৰ্জাত আয়োজিত বৰদিনৰ কাৰ্যসূচীত ৰাইজৰ সৈতে নৃত্য-গীতত অংশগ্ৰহণ কৰি বৰদিনে আমাৰ মাজত বিশ্বজনীন ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া কৰি নৱবৰ্ষত সকলোৰে মনত কৰ্মস্পৃহা, উৎসাহ-উদ্দীপনা বৃদ্ধি কৰিব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: কেৰলৰ ধ্বনিৰে মুখৰিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো গীর্জাঘৰ

ABOUT THE AUTHOR

...view details