কোকৰাঝাৰ, 1 এপ্ৰিল : বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা মহামাৰী কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল ২১ দিনীয়া লক্ ডাউন । এই লক্ ডাউনৰ সময়ছোৱাত দৰিদ্ৰ শ্ৰেণীৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা গৈছে । তেনে সময়তে বড়ো ভূমি কোকৰাঝাৰ চহৰৰ দুগৰাকী ব্যৱসায়ীয়ে অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ দুই লাখ টকাৰ অৰ্থ সাহায্য প্ৰদান কৰে । ইয়াৰ লগতে স্বামী সুদাং কুমাৰ ব্ৰহ্মইও তিনি লাখকৈ অৰ্থ সাহায্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ।
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ কোকৰাঝাৰৰ ব্যৱসায়ীৰ বৰঙণি ! - মহামাৰী কৰ'ণা ভাইৰাছ
কোকৰাঝাৰৰ দুগৰাকী ব্যৱসায়ীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে অৰ্থ সাহায্য ৷ লক্ ডাউনৰ সময়ছোৱাত লোকসকলক ঘৰতে থাকি ঘৰুৱা কাম কৰি সময় কটাবলৈ আহ্বান ব্যৱসায়ী দুগৰাকীৰ ৷
KOKRAJHAR BUISNESSMAN DONATE FOR CM RELIEF FUND