অসম

assam

ETV Bharat / state

ৰাজনৈতিক লেতিপেটিৰ পৰা দূৰৈত থাকক এবছুঃ মহেশ্বৰ বসুমতাৰী - kokrajhar btc em maheswar boro pressmeet etv Bharat Assam

বৰ্তমান পৰিস্থিতিত কেৱল ইউ পি পি এল দলৰ নেতা সদস্যৰ সন্তানহে এবছুৰ সদস্য হ'ব পাৰিব প্ৰতীয়মান হৈছে বুলি সংবাদমেলতে তীৰ্যক মন্তব্য কৰে বিটিচিৰ নেতৃত্বগৰাকীয়ে ৷

kokrajhar btc em maheswar boro pressmeet
ৰাজনৈতিক লেতিপেটিৰ পৰা দূৰৈত থাকক এবছুঃ মহেশ্বৰ বসুমতাৰী

By

Published : Jun 5, 2020, 8:59 PM IST

কোকৰাঝাৰ,৫ জুন :এবছু আৰু বিপিএফৰ সম্পৰ্ক দিনে দিনে অৱনমিত হোৱাৰ সময়তে শুকুৰবাৰে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে বিপিএফ দলৰ নেতা সদস্যৰ সন্তান এবছু সদস্য হ'ব পাৰিবনে নাই বুলি এখন সংবাদ মেলত প্ৰশ্ন উত্থাপন কৰে ৷ লগতে বৰ্তমান পৰিস্থিতিত কেৱল ইউ পি পি এল দলৰ নেতা সদস্যৰ সন্তানহে এবছুৰ সদস্য হ'ব পাৰিব সেয়া প্ৰতীয়মান হৈছে বুলি সংবাদমেলতে তীৰ্যক মন্তব্য কৰে বিটিচিৰ নেতাগৰাকীয়ে ৷

মহেশ্বৰ বসুমতাৰী


কোকৰাঝাৰ প্ৰেছ ক্লাবত আয়োজিত হোৱা এক সংবাদ মেলত মহেশ্বৰ বসুমতাৰীয়ে কয় যে বড়ো জনগোষ্ঠীৰ জাতীয় ছাত্ৰ সংগঠন এবছুৰ কাৰ্যালয়ত ৰাজনৈতিক কুচকাৱাজে সমাজৰ আগত অন্য এক চিত্ৰ দাঙি ধৰিছে। ছাত্ৰ সংগঠন এটাৰ কাৰ্যালয়ত ৰাজনৈতিক দলৰ নিৰ্বাচনী কুচকাৱাজ চলোৱাত গভীৰ উদ্ধেগ ব্যক্ত কৰি মহেশ্বৰ বসুমতাৰীয়ে বড়ো জনগোষ্টীৰ জাতীয় সংগঠন এবছুক ৰাজনৈতিক লেতিপেটিত নোসোমাই সংগঠনৰ পৱিত্ৰতা আৰু মৰ্যাদা অক্ষুন্ন ৰাখিবলৈ আহ্বান জনায়।
লগতে পঢ়কঃ বাক্সাৰ আমলাইগুৰিত জিলা প্ৰশাসনে মুকলি কৰিলে গছপুলি ৰোপণ কাৰ্যসূচী

For All Latest Updates

TAGGED:

kokrajhar

ABOUT THE AUTHOR

...view details