অসম

assam

ETV Bharat / state

বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ সাজু নিৰ্বাচন আয়োগ - আগন্তুক ডিচেম্বৰ মাহৰ 7 তাৰিখে

বিটিচিত আগন্তুক ডিচেম্বৰ মাহৰ 7 তাৰিখে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু 10 তাৰিখে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ইপিনে 12 ডিচেম্বৰত ভোট গণনা হ’ব বুলি ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে ৷ সেই হেতুকে বিটিচি পৰিষদীয় নিৰ্বাচন সুচাৰূপে অনুষ্ঠিত কৰিবলৈ নিৰ্বাচনী আয়োগে জ’নেল প্ৰিজাইডিং আৰু ছেক্টৰ বিষয়া সকলৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে ৷

kokrajhar btc elections tarining elections officer
বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ সাজু নিৰ্বাচন আয়োগ

By

Published : Nov 22, 2020, 7:26 PM IST

কোকৰাঝাৰ,২২ নৱেম্বৰঃ আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে দেওবাৰৰ পৰা কোকৰাঝাৰ চহৰস্থিত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত জ’নেল প্ৰিজাইডিং আৰু ছেক্টৰ বিষয়া সকলৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে নিৰ্বাচনী আয়োগে ।

উল্লেখযোগ্য যে, বিটিচিত আগন্তুক ডিচেম্বৰ মাহৰ 7 তাৰিখে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু 10 তাৰিখে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ইপিনে 12 ডিচেম্বৰত ভোট গণনা হ’ব বুলি ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে ৷ সেই হেতুকে বিটিচি পৰিষদীয় নিৰ্বাচন সূচাৰূপে অনুষ্ঠিত কৰিবলৈ নিৰ্বাচনী আয়োগে জ’নেল প্ৰিজাইডিং আৰু ছেক্টৰ বিষয়া সকলৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে ৷

বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ সাজু নিৰ্বাচন আয়োগ

এই প্ৰশিক্ষণ অহা ইং ২৩, ২৭, ২৮ নৱেম্বৰ আৰু ১, ২ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব। উল্লেখ্য যে, আজিৰ উদ্বোধনী অনুষ্ঠানত কোকৰাঝাৰ সদৰ মহকুমাৰ বাবে নিয়োজিত সাধাৰণ পৰ্যবেক্ষক(জেনেৰেল অৱজাৰ্ভাৰ) দেৱকুমাৰ কলিতা, নিৰ্বাচনী ব‍্যয় পৰ্য‍বেক্ষক অজয় দেউৰী ভড়ালী আৰু উপায়ুক্ত ভাস্কৰ ফুকন উপস্থিত ৷ ইপিনে ক’ভিড-19 প্ৰট’কলৰ নীতি নিয়ম অনুসৰি ভোটদান দিনা চোৱা ছিটা কৰা হ’ব বুলি উল্লেখ কৰে উপায়ুক্ত ভাস্কৰ ফুকনে ৷

লগতে পঢ়কঃ কৰিমগঞ্জত কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত SI পৰীক্ষা

ABOUT THE AUTHOR

...view details