অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত উজলিল কোকৰাঝাৰৰ আয়ান - kokrajhar boy won wushu championship

ঝাৰখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত সোণ আৰু ৰূপৰ পদক অৰ্জনৰে কোকৰাঝাৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে জিলাখনৰে চৰাইখোলাৰ নিবাসী অমিত কুমাৰ দত্তৰ ১২ বছৰীয়া পুত্ৰ আয়ান দত্তই ৷ দুটা ইভেণ্টত পদক লাভ কৰে আয়ান দত্তই । প্ৰতিযোগিতাত অসমৰ পৰা ৩৯ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ ভিতৰত মুঠ ২৮ গৰাকী খেলুৱৈয়ে পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত উজলিল কোকৰাঝাৰৰ আয়ান
ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত উজলিল কোকৰাঝাৰৰ আয়ান

By

Published : Mar 25, 2021, 1:10 PM IST

কোকৰাঝাৰ,২৫ মাৰ্চ:ঝাৰখণ্ডত অনুষ্ঠিত ২০ সংখ্যক ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত সোণ আৰু ৰূপৰ পদক অৰ্জনৰে কোকৰাঝাৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে জিলাখনৰে চৰাইখোলাৰ নিবাসী অমিত কুমাৰ দত্তৰ ১২ বছৰীয়া পুত্ৰ আয়ান দত্তই ৷

ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত উজলিল কোকৰাঝাৰৰ আয়ান

যোৱা ২১ মাৰ্চৰ পৰা ঝাৰখণ্ডৰ ৰাছীৰ বীৰছা মুণ্ডা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত আয়ান দত্তই টাইচি ট্ৰেডিশ্বনেল ফেন ইভেণ্ট (Taichi Traditional Fan Event) আৰু টাইচিকুৱান ইভেণ্ট (Taichiquan Event)ত পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ কোকৰাঝাৰ ডন বক্স' স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আয়ান দত্তৰ এই সাফল্যত কোকৰাঝাৰত আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে ৷

ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত উজলিল কোকৰাঝাৰৰ আয়ান

উল্লেখ্য যে ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত অসমৰ পৰা ৩৯ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ ভিতৰত মুঠ ২৮ গৰাকী খেলুৱৈয়ে পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক:প্ৰথম এদিনীয়া : ইংলেণ্ডৰ বিৰুদ্ধে 66 ৰাণত জয়ী ভাৰত

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details