কনকৰ্ফৰ নেতা প্ৰণৱ নাৰায়ণ দেৱ পাগলঃ বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ - বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ
কনকৰ্ফৰ নেতা প্ৰণৱ নাৰায়ণ দেৱক পাগল আখ্যা বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ ৷ কোচ সকল প্ৰকৃততে মেচ বড়ো জনগোষ্ঠীৰ পৰা উদ্ভৱ হৈছে সেয়া ইতিহাসতে লিপিবদ্ধ আছে বুলি মন্তব্য জনজাতি সুৰক্ষা মঞ্চৰ নেতা দাওৰাও দেখ্ৰেব নাৰ্জাৰীৰ ৷

কোকৰাঝাৰ, 04 চেপ্তেম্বৰঃ কনকৰ্ফৰ নেতা প্ৰণৱ নাৰায়ণ দেৱক পাগল আখ্যা বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ ৷ বড়ো বিৰোধী মানসিকতাৰ লোক প্ৰণৱ নাৰায়ণ দেৱে মূৰ্খ মানুহক সন্তুষ্ট কৰিবলৈ বড়ো সকলৰ ইতিহাসক তুচ্ছ তাচ্ছিল্য কৰিছে বুলি মন্তব্য মঞ্চৰ ৷ বুধবাৰে প্ৰেছ বিবৃতি যোগে জনজাতি সুৰক্ষা মঞ্চৰ নেতা দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে প্ৰণৱ নাৰায়ণ দেৱক প্ৰত্যাহ্বান জনাই বড়ো ৰজা হাউৰীয়া মেচ বা হৰিদাস মণ্ডলে চিকনাঝাৰত মেচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নে নাই বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ ইয়াৰেপৰি কোচ সকল প্ৰকৃততে মেচ বড়ো জনগোষ্ঠীৰ পৰা উদ্ভৱ হৈছে সেয়া ইতিহাসতে লিপিবদ্ধ আছে বুলিও মঞ্চৰ নেতা গৰাকীয়ে অভিযোগ কৰে ৷