নিউজ ডেস্ক, 10 ডিচেম্বৰ : ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি ৷ মঙলবাৰে গোসাইগাঁৱৰ অনঠাইবাৰীত বন্ধ সমৰ্থকে এখন যাত্ৰীবাহী অ'টোত অগ্নি সংযোগ কৰে ৷ জানিব পৰা মতে, ভাওৰাগুৰিৰ পৰা গোসাইগাঁও অভিমুখে যাত্ৰী কঢ়িয়াই অনা এখন অটো গাড়ীত অগ্নি সংযোগ কৰে বন্ধ সমৰ্থকে ৷ ফলত অ'টোখনৰ কিছু ক্ষতি হোৱাৰ লগতে জুইত জাহ যায় অ'টোখনত অহা যাত্ৰীৰ দুটা গাহৰি ৷ প্ৰতিবাদকাৰীৰ এই ভয়াৱহ ৰূপে পৰৱৰ্তী সময়ত কি পৰিস্থিতিৰ সৃষ্টি কৰে সেয়া সময়ে ক'ব ৷ সমান্তৰালকৈ কোকৰাঝাৰ ৰাসমেলা পথাৰৰ পৰা আক্ৰাছুৰ নেতৃত্বত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় সহস্ৰাধিক আক্ৰাছু নেতা-কৰ্মী আৰু পুৰুষ-মহিলাই কোচ-ৰাজবংশীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ গঠনৰ দাবীত এক বৃহৎ সমদল বাহিৰ কৰে ৷ সাংৱাদিকৰে হোৱা মুখামুখিত আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ৰ লগতে উপদেষ্টা হিতেশ্বৰ বৰ্মনে বিজেপি চৰকাৰৰ প্ৰতাৰণা কোনো কাৰণতে আৰু সহ্য কৰা নহ'ব বুলি মন্তব্য কৰে ৷
গোসাইগাঁৱত যাত্ৰীবাহী গাড়ীত অগ্নি সংযোগ: বাক্সাতো অব্যাহত আছে প্ৰতিবাদ - undefined
অ'টোখনৰ কিছু ক্ষতি হোৱাৰ লগতে জুইত জাহ যায় অ'টোখনত অহা যাত্ৰীৰ দুটা গাহৰি ৷ প্ৰতিবাদকাৰীৰ এই ভয়াৱহ ৰূপে পৰৱৰ্তী সময়ত কি পৰিস্থিতিৰ সৃষ্টি কৰে সেয়া সময়ে ক'ব ৷
![গোসাইগাঁৱত যাত্ৰীবাহী গাড়ীত অগ্নি সংযোগ: বাক্সাতো অব্যাহত আছে প্ৰতিবাদ অব্যাহত আছে প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5332475-thumbnail-3x2-p.jpg)
অব্যাহত আছে প্ৰতিবাদ
যাত্ৰীবাহি গাড়ীত অগ্নি সংযোগ
আনহাতে মঙলবাৰে পুৱাৰে পৰা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ১২৭ নং ডি ৰঙিয়া ভূটান পথটোত কুমাৰীকাটাৰ আঞ্চলিক ছাত্র সন্থাই বিধেয়কৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিধেয়কৰ বিৰুদ্ধে নেছই আহ্বান জনোৱা 11 ঘন্টীয়া অসম বন্ধৰ সমৰ্থনকাৰীয়ে টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ ৷
অব্যাহত আছে প্ৰতিবাদ
TAGGED:
Kokrajhar Baksa protest