কোকৰাঝাৰ, 23 মাৰ্চ : ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশক ৰক্ষা কৰিবৰ বাবে বিভিন্ন ৰাজ্যই ল'কডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়তে অসম চৰকাৰেও মঙলবাৰৰ পৰা এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এইলৈ তৎপৰ হৈ পৰিছে কোকৰাঝাৰ প্ৰশাসনো ৷
ইতিমধ্যে ৰাজ্যৰ বহুকেইখন জিলাত ব্যাপক তৎপৰতা পৰিলক্ষিত হোৱাৰ লগতে কোকৰাঝাৰ জিলা প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷ জিলাখনৰ প্ৰৱেশ দুৱাৰ ক্ৰমে ৰেল ষ্টেছন, অসম-বংগ সীমান্ত শ্ৰীৰামপুৰত চিকিৎসকৰ দলে দিনে-ৰাতিয়ে স্কেনিঙৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা কৰি আহিছে ৷ ইতিমধ্যেই বাহিৰৰ পৰা আহি উপস্থিত হোৱা লোকসকলক স্বাস্থ্য পৰীক্ষা চলাই থকা হৈছে ৷