অসম

assam

ETV Bharat / state

কোকৰাঝাৰত আছুৰ শ্বহীদ বেদীত উৰিল বিপিএফৰ পতাকা - সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ বেদী

আছুৰ পতাকা আঁতৰই বিপিএফৰ পতাকা উৰুৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কোকৰাঝাৰত ৷ কোকৰাঝাৰ চহৰত থকা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ বেদীত কোনোৱে আছুৰ পতাকাৰ ঠাইত লগাই থৈ যায় বিপিএফৰ পতাকা ৷

আছুৰ শ্বহীদ বেদীত উৰিল বিপিএফৰ পতাকা
আছুৰ শ্বহীদ বেদীত উৰিল বিপিএফৰ পতাকা

By

Published : Mar 20, 2020, 8:42 PM IST

কোকৰাঝাৰ,20 মাৰ্চঃকোকৰাঝাৰ চহৰত থকা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ বেদীত কোনোৱে আছুৰ পতাকা আঁতৰই বিপিএফৰ পতাকা উৰুৱাক লৈ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আছু কৰ্মীয়ে আৰক্ষীক খবৰ দিয়াৰ পিচতে বিপিএফৰ পতাকাখন সেই স্থানৰ পৰা নমাই দিয়ে আৰক্ষীয়ে ৷ আছুৰ সহ সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ে সাংবাদিকৰ আগত সদৰী কৰা মতে, বিটিচি পৰিষদীয় নির্বাচনৰ আগত কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় নষ্ট কৰি সংঘাত সৃষ্টি কৰিবৰ বাবে কোনো দুষ্ট চক্রই জিলা খনত চলাইছে অপচেষ্টা ৷

কোকৰাঝাৰত আছুৰ শ্বহীদ বেদীত উৰিল বিপিএফৰ পতাকা

ABOUT THE AUTHOR

...view details