কোকৰাঝাৰ,4 অক্টোবৰঃ বৃহস্পতিবাৰে নিশা কোকৰাঝাৰ আৰক্ষী আৰু চিৰাঙৰ ৰাণীখাটাস্থিত শিবিৰৰ ২১০ কোব্ৰা চি আৰ পি জোৱানে কোকৰাঝাৰ গয়বাৰী অঞ্চলত অভিযান চলাই ৷ এই অভিযানত ২১০ কোব্ৰা চি আৰ পিৰ পৰিদৰ্শক নিপন কুমাৰ বৈষ্ণৱৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে শুনিল হাস্দাৰ ঘৰত 2 টা হস্তনিৰ্মিত ৰাইফল আৰু এটা হস্তনিৰ্মিত পিষ্টল উদ্ধাৰ কৰে ।
বিস্ফোৰক সামগ্ৰীসহ গ্ৰেপ্তাৰ 2 আদিবাসী অস্ত্ৰ সৰ্বৰাহকাৰী - কোকৰাঝাৰ আৰক্ষী
আৰক্ষী আৰু চিৰাঙৰ ২১০ কোব্ৰা চি আৰ পি জোৱানে কোকৰাঝাৰ গয়বাৰী অঞ্চলত অভিযান চলাই বিস্ফোৰক সামগ্ৰীসহ 2 আদিবাসী অস্ত্ৰ সৰ্বৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে কোকৰাঝাৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে দুয়ো অস্ত্ৰ সৰ্বকাৰীক ।
বিস্ফোৰক সামগ্ৰীসহ 2 আদিবাসী অস্ত্ৰ সৰ্বৰাহকাৰী গ্ৰেপ্তাৰ
আনহাতে বিষ্ণু হাস্দাৰ গৃহত পুনৰ অভিযান চলাই দুটাকৈ হস্তনিৰ্মিত বোমা আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে কোকৰাঝাৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে দুয়ো অস্ত্ৰ সৰবৰাহকাৰীক ।