কোকৰাঝাৰ, ২০ অক্টোবৰ: এ বি এম ছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায়ৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ বি টি চি সংখ্যলঘু ছাত্ৰ সন্থাই। এ বি এম ছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সহযোগত ৭ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত এ বি এম ছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত হাতে হাতে প্লে'কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্যসকলে৷
কোকৰাঝাৰত এ বি এম ছুৰ বিক্ষোভ প্ৰদৰ্শন - এ বি এম ছু
ছাত্ৰ নেতা লাফিকুল ইছলাম হত্যাৰ ন্যায় বিচাৰি প্ৰতিবাদত নামিল সদৌ বি টি চি সংখ্যলঘু ছাত্ৰ সন্থা। কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত ৭ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ।
লাফিকুল হত্যাৰ ন্যায়ৰ দাবীত কোকৰাঝাৰত এ বি এম ছুৰ বিক্ষোভ প্ৰদৰ্শন
জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত বিক্ষোভ প্ৰদৰ্শন কৰে এ চি এম ছুৱে। হত্যাকাণ্ডৰ চি বি আই তদন্ত ৰাজহুৱা কৰাৰ দাবীত এ বি এম ছুৱে প্ৰতিটো ৰাজনৈতিক দলৰ ওপৰত আস্থা হেৰুৱাইছে বুলি উল্লেখ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰৰ ভূমিকাতো ক্ষোভ প্ৰকাশ কৰে। আজিৰ অনশনেই শেষ নহয়, পৰৱৰ্তী পৰ্যায়ত দিছপুৰ আৰু দিল্লী কঁপোৱাৰ পৰিকল্পনা কৰাৰো হুংকাৰ দিয়ে সংগঠনটোৱে।
লগতে পঢ়ক: মাননি বৃদ্ধিৰ দাবীত মধ্যাহ্ন ভোজন কৰ্মীৰ সংবাদমেল