কোকৰাঝাৰ , ১ ডিচেম্বৰ: যি কোনো মূল্যৰ বিনিময়ত প্ৰাপ্য অধিকাৰ কাঢ়ি অনাৰ বাবে হাতত অস্ত্ৰ তুলি লোৱাৰ কথা বিবেচনা কৰিছে আক্ৰাছুৱে । চৰকাৰে গণতান্ত্ৰিক আন্দোলনক গুৰুত্ব প্ৰদান নকৰে সেয়ে কোচ ৰাজবংশীৰ প্ৰাপ্য অধিকাৰৰ বাবে হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ প্ৰদান কৰিছে আক্ৰাছুৰ উপদেষ্টা প্ৰদীপ ৰায়ে ৷ কোকৰাঝাৰ প্ৰেছ ক্লাৱত দেওবাৰে অনুষ্ঠিত হোৱা সংবাদমেলত এই মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই ৷
জনজাতিকৰণ নকৰিলে অনিদিষ্টকালীন অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ আক্ৰাছুৰ - জনজাতিকৰণ নকৰিলে অনিদিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কৰিম :আক্ৰাছু
উল্লেখ্য যে সংবাদমেলত গণতান্ত্ৰিক আন্দোলন কৰা সংগঠনক গুৰুত্ব নিদি চৰকাৰে অস্ত্ৰধাৰী সংগঠনক হে গুৰুত্ব দিয়ে বুলিও অভিযোগ কৰে আক্ৰাছুৱে ।
![জনজাতিকৰণ নকৰিলে অনিদিষ্টকালীন অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ আক্ৰাছুৰ আক্ৰাছুৰ সংবাদ মেল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5237169-thumbnail-3x2-pp.jpg)
দেওবাৰে আক্ৰাছুৱে সংবাদমেল সম্বোধন কৰি চৰকাৰৰ প্ৰতি তীব্ৰ ক্ষোভ -বিদ্বেষ জাহিৰ কৰাৰ উপৰিও চলিত বিধানসভা অধিবেশনত কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে হাতত অস্ত্ৰ তুলি লোৱাই শ্ৰেয় বুলি মন্তব্য প্ৰদান কৰে । ইয়াৰোপৰি গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি আক্ৰাছুৰ মোহভংগ হৈছে আৰু শীতকালীন অধিবেশনতে যদি কোচ ৰাজবংশী সমস্যাৰ সমাধান নহয় তেনেহলে চৰকাৰে তেওঁলোকৰ হাতত অস্ত্ৰ তুলি লোৱাটো বিচাৰিছে বুলি ভাৱিবলৈ বাধ্য হ'ব আৰু যুৱচামক স্বাগতম জনাই প্ৰাপ্য অধিকাৰ কাঢ়ি আনিবলৈ প্ৰস্তুত বুলিও মন্তব্য কৰিছে আক্ৰাছুৰ উপদেষ্টা প্ৰদীপ ৰায়ে । উল্লেখ্য যে, সংবাদমেলখনত গণতান্ত্ৰিক আন্দোলন কৰা সংগঠনক গুৰুত্ব নিদি চৰকাৰে অস্ত্ৰধাৰী সংগঠনকহে গুৰুত্ব দিয়ে বুলিও অভিযোগ কৰে আক্ৰাছুৱে ।
লগতে পঢ়ক তিৰংগাৰ তলত শান্তিৰ নিদ্ৰাৰে স্বগৃহ পালেহি ছহীদ বিজয় নাৰ্জাৰী!