কোকৰাঝাৰত আক্ৰাছুৰ উদ্যোগত সম্বৰ্দ্ধনা সভা - Assam
জিলাখনৰ শক্তি আশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয় এই সভাৰ ।
কোকৰাঝাৰ,২২ জুলাই : ২০১৯ বৰ্ষৰ 'হাইস্কুল শিক্ষান্ত' আৰু 'উচ্চতৰ মাধ্যমিক'ৰ চূড়ান্ত পৰীক্ষাত লেটাৰ,ডিষ্টিংশ্যন,ষ্টাৰ আদি নম্বৰেৰে প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কোকৰাঝাৰ জিলাৰ মুঠ ১০৪ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা আক্ৰাছুৰ। সম্বৰ্দ্ধনা সভাত অতিথি হিচাপে উপস্থিত থাকে বিধায়ক ৰবিৰাম নাৰ্জাৰী,প্ৰফেচৰ দেৱকুমাৰ চক্ৰৱৰ্তীৰ লগতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ সন্দীপ দাস। অনুষ্ঠানত উপস্থিত থাকি কোকৰাঝাৰ জিলা আক্ৰাছুৰ সভাপতি কংকন ৰায়ে কয় অনুষ্ঠানত তেওঁলোকৰ দ্বাৰা প্ৰদান কৰা অভিনন্দন পত্ৰ,গামোচা,কিতাপ,কলম আৰু মেহগনি গছপুলি সম্বলিত এই অভিনন্দনৰ টোপোলাটিয়ে ভৱিষ্যতে ছাত্ৰ-ছাত্ৰী সকলক আগবাঢ়ি যোৱাত উৎসাহ প্ৰদান কৰাৰ লগতে পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীসকলক দেশৰ এগৰাকী সু-নাগৰিক হোৱাত সহায় কৰিব ৷