কোকৰাঝাৰ, 23 ডিচেম্বৰ:কোকৰাঝাৰ জিলাৰ চেৰফাংগুড়ীৰ কনকেশ্বৰ নাৰ্জাৰী জাওৰীখাং পথাৰত তিনিদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে যোৱা 21 ডিচেম্বৰৰ পৰা অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ, 52 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ আজি সফল সামৰণি পৰে ৷ এই তিনিদিনীয়া অধিৱেশনস্থলীত এবছুৰ 30খন জিলা আৰু ইউনিটত পৰা অহা তিনি সহস্ৰাধিক প্ৰতিনিধি উপস্থিত থাকে ৷
সামৰণি পৰিল এবছুৰ 52 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ - বিশেষ অতিথি হিচাপে উপস্থিত থাকে হিতেন্দ্ৰ নাথ গোস্বামী
21 ডিচেম্বৰৰ পৰা অনুষ্ঠিত এবছুৰ 52 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি ৷ সামৰণি অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী ৷

এবছুৰ 52 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন
সামৰণি পৰিল এবছুৰ 52 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন
অধিৱেশনৰ প্ৰতিনিধি সভাৰ বৈঠকত আঠটাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত কৰা হয় ৷ অধিবেশনৰ সামৰণি উপলক্ষে সভাপতি প্ৰমোদ বড়োই আঁত ধৰা মুকলি সভাত, আমন্ত্ৰিত বিশেষ অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী ৷
লগতে পঢ়ক: অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ দশম ত্ৰিবাৰ্ষিক অধিবেশনৰ সফল সামৰণি