কোকৰাঝাৰ, ৭ জানুৱাৰী : ‘‘কোঁচ ৰাজবংশী হ'ল চিলাৰায়ৰ বংশধৰ, ক্ষত্ৰিয়, এটা যুদ্ধ কৰা জাতি । ব্ৰিটিছেও কোঁচৰাজবংশীৰ ওচৰত শিৰ নত কৰিছিল, ৬০০ বছৰ ৰাজত্ব কৰা আহোমেও কোঁচ ৰাজবংশীৰ ভেঁটি লৰাব পৰা নাছিল । তেনেক্ষেত্ৰত আমাৰ অধিকাৰ প্ৰাপ্তিত কোনে অসম ৰক্তাক্ত কৰিব ? এখন গণতান্ত্ৰিক ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুখত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসম ৰক্তাক্ত হ’ব ধৰণৰ বক্তব্যই শোভা নাপায় ।’’ এই মন্তব্য কৰিছে কোঁচ ৰাজবংশী জাতীয় পৰিষদৰ সম্পাদক বিশ্বজিৎ ৰায়ে ।
শুকুৰবাৰে আক্ৰাছুৰ (All Koch Rajbongshi Students' Union) ২১ তম্ কেন্দ্ৰীয় শ্বহীদ দিৱস আৰু ১১ তম্ দ্বি-বাৰ্ষিক অধিবেশন উপলক্ষে কোকৰাঝাৰৰ ৰাসমেলা পথাৰত অনুষ্ঠিত হয় শ্বহীদ দিৱসৰ কাৰ্যসূচী ৷ পৃথক কমতাপুৰ আৰু জনজাতিকৰণ সন্দৰ্ভত বিজেপি চৰকাৰৰ হোহকা-পিছলা নীতিত ক্ষুব্ধ হৈ বিশ্বজিৎ ৰায়ে কয় যে, পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোঁচ ৰাজবংশীক জনজাতিকৰণ সন্দৰ্ভত চৰকাৰে অতিশীঘ্ৰে বাস্তৱ পদক্ষেপ নল’লে কোঁচ ৰাজবংশীয়ে প্ৰয়োজন সাপেক্ষে হাতত বন্দুক তুলি ল’বলৈ বাধ্য হ’ব (Koch Rajbongshi demands tribal status)।
১৯৪৯ চনৰ ২৮ আগষ্টত তেতিয়াৰ গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেল আৰু যোগানন্দ নাৰায়ণ ভূপ বাহাদুৰৰ মাজত সম্পন্ন হোৱা শান্তি চুক্তি অনুসৰি কমতাপুৰ পুনৰ গঠনৰ দাবী জনোৱাৰ লগতে অতিশীঘ্ৰে জনজাতিকৰণ কৰিবলৈও দাবী উত্থাপন কৰিছে ।
২০০২ চনৰ ১৮ ডিচেম্বৰত সংসদত ১৪২ টা জনগোষ্ঠীক চৰকাৰে জনজাতিকৰণ কৰিলে যদিও কোঁচ ৰাজবংশীক ইয়াৰ পৰা বাদ পৰি থাকিল আৰু বৰ্তমানলৈকে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদনেই প্ৰেৰণ নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰি বিশ্বজিৎ ৰায়ে কয় যে, হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীগোটৰ অধ্যক্ষ হৈ জনজাতিকৰণ সন্দৰ্ভত নিজেই সমাধানসূত্ৰ বাহিৰ কৰিছিল আৰু তাত সকলোৱে সহমত প্ৰকাশ কৰিছিল যদিও এতিয়া নিজেই অসম ৰক্তাক্ত হ’ব বুলি মন্তব্য কৰাটো শোভা নাপায় ৷
তদুপৰি পৃথক কমতাপুৰ বা জনজাতিৰ বিকল্প কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ নহয় বুলি মন্তব্যৰে কোনো দপ্তৰ নথকা, বাজেট নথকা, কাৰ্যালয় নথকা এয়া কি পুতলাসদৃশ স্বায়ত্বশাসিত পৰিষদ বুলি বিশ্বজিৎ ৰায়ে প্ৰশ্ন উত্থাপন কৰে । কোঁচ ৰাজবংশীক অৱনমিত কৰি ৰখাৰ চৰকাৰী কৌশলক গৰিহণা দি শীঘ্ৰে পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন (Reorganisation of Kamatapur Kingdom)আৰু জনজাতিকৰণ নকৰিলে কোঁচ ৰাজবংশীয়ে পুনৰাই হাতত বন্দুক তুলি ল’লে তাৰবাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰহে জগৰীয়া হ’ব বুলি স্পষ্ট কৰি দিয়ে বিশ্বজিৎ ৰায়ে ।