কোকৰাঝাৰ,৩ জুন:ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ মৃত্যুৰ কিৰিলি । কৰ'ণাত আক্ৰান্ত হৈ কোকৰাঝাৰত পুনৰ মৃ্ত্যু এজনৰ । জিলাখনৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী, ইতিহাসবিদ তথা বাঁওপন্থী নেতা বিপিন বৰ্মনৰ বুধবাৰে মৃত্যু হয় । কৰ'ণাত আক্ৰান্ত হৈ ৮০ বছৰ বয়সত মৃত্যু হয় কোকৰাঝাৰ চহৰৰ হাদানপাৰাৰ নিবাসী নেতাগৰাকীৰ ।
উল্লেখ্য যে, বিপিন বৰ্মন ক’ভিডত আক্ৰান্ত হোৱাত তেওঁক কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ ক’ভিড চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল । কেইবাদিনো ধৰি চিকিৎসা চলাৰ অন্তত কিছু পৰিমানে সুস্থ হোৱাত মঙলবাৰে বিয়লিৰ ভাগত তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল । কিন্তু বিপিন বৰ্মন পুনৰ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।