কোকৰাঝাৰ, ৫ আগষ্টঃ ল'ৰাজনে হাইস্কুলত পঢ়ি থাকোতে ৰচনা প্ৰতিযোগিতাত "মই আইএএচ বিষয়া হম" বুলি ৰচনা এখন লিখিছিল ৷ অসমীয়া মাধ্যমত পঢ়া আৰু অসমীয়াতে লিখা ৰচনাখনে প্ৰথম পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল ৷
হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ল’ৰাজনে কটন কলেজত নাম লগালে । কটনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ অভিযান্ত্ৰিক পাঠ্যক্ৰম পঢ়িলে । বহু বছৰ বাগৰি গ'ল ৷ সকলোৱে ৰচনাৰ কথা পাহৰিলে ৷ ল’ৰাজনৰ কথাও পাহৰিলে ৷ মাথো মাকে মনত ৰাখিলে পুত্ৰৰ ৰচনাৰ কথা,পুত্ৰৰ সপোনৰ কথা ৷ আৰু ৰচনা লিখি প্ৰথম পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা ল’ৰাজনে কিন্তু নিজৰ সপোনক বাস্তৱ ৰূপ দিবলৈ অহৰ্নিশে পৰিশ্ৰম কৰি গ’ল । আৰু আজি…… ২০১৯ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত ৭৮৪ তম স্থান লাভ কৰি সেই তাহানিতে ৰচনা লিখি প্ৰথম পুৰস্কাৰ বুটলা কোকৰাঝাৰৰ কিশোৰ সূত্ৰধাৰ উজলি উঠিছে ৷
কোকৰাঝাৰ জলসিঞ্চন বিভাগত শাখা সহায়ক প্ৰয়াত উপেন্দ্ৰনাথ সূত্ৰধাৰ আৰু আইকন সূত্ৰধাৰৰ সন্তান তথা বৰ্তমানে ভাৰতীয় খাদ্য নিগমৰ ডিমাপুৰ মাণ্ডলিক কাৰ্যালয়ৰ প্ৰৱন্ধক(সাধাৰণ) হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কিশোৰ সূত্ৰধাৰে মঙলবাৰে ঘোষিত হোৱা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত ৭৮৪ তম স্থান লাভ কৰি কোকৰাঝাৰলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷