কোকৰাঝাৰ,15মাৰ্চ: শুকুৰবাৰে কোকৰাঝাৰৰ দক্ষিণ কাচিবাৰী খেলপথাৰত কোকৰাঝাৰ জিলা ক্ৰীড়া বিষয়াৰ উদ্যোগত অনুষ্ঠিত হয় এক খেল' ইণ্ডিয়া শীৰ্ষক ক্ৰীড়া প্ৰতিযোগিতা ৷ 19 বছৰ অনুৰ্ধৰ ল'ৰা-ছোৱালী দুয়োটা শাখাতে অনুষ্ঠিত এই প্ৰতিযোগিতাত প্ৰায় 5 শতাধিক খেলুৱৈয়ে অংশ গ্ৰহণ কৰে ৷
কোকৰাঝাৰত খেল' ইণ্ডিয়া প্ৰশিক্ষণ শিবিৰ - কোকৰাঝাৰ
বিটিচিৰ বিভিন্ন ঠাইৰ 5 শতাধিক খেলুৱৈৰ অংশ গ্ৰহণ
উল্লেখ্য যে কোকৰাঝাৰৰ মুঠ 20 খন ঠাইত 15 দিনীয়াকৈ এক প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছিল ৷ যাৰ পাচত শুকুৰবাৰে সেই শিবিৰ সমূহত অংশ লোৱা খেলুৱৈসকলক লৈ এক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ ইপিনে বিটিচিৰ জিলা ক্ৰীড়া বিষয়া জাজনাৱতী বসুমতাৰীয়ে জনায় যে এই খেল' ইণ্ডিয়া শীৰ্ষক প্ৰতিযোগিতাত বিশেষকৈ ফুটবল, ভলীবল আৰু এথলেটিকছ খেলৰ উভয় শাখাতে শুকুৰবাৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ তেওঁ লগতে কয় যে বিটিচিৰ বিভিন্ন ভিতৰোৱা অঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলক আগুৱাই নিয়াৰ উদ্দেশ্যৰে এই প্ৰশিক্ষণ শিবিৰটো অনুষ্ঠিত কৰা হৈছে ৷