অসম

assam

ETV Bharat / state

এক পইচাৰো উন্নয়ন হোৱা নাই ৰাজ্যপাল শাসনৰ সময়ছোৱাতঃ খাম্পা বৰগয়াৰী - বিটিচি নিৰ্বাচন

ৰাজ্যপাল শাসনৰ ম্যাদ বৃদ্ধিকৰণৰ তীব্ৰ বিৰোধিতা বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীৰ ৷

Khampa Borgoyari Reaction on Extend Governor Rule at BTC
এক পইচাৰ উন্নয়নো হোৱা নাই ৰাজ্যপাল শাসনৰ সময়ছোৱাত : খাম্পা বৰগয়াৰী

By

Published : Sep 20, 2020, 7:15 PM IST

কোকৰাঝাৰ, 20 ছেপ্তেম্বৰ: ৰাজ্যপাল শাসনৰ ম্যাদ বৃদ্ধি কৰাৰ সন্দৰ্ভত বিৰোধিতা কৰিছে বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে ৷ ৰাজ্যপাল শাসনৰ সময়ছোৱাত এক পইচাৰো উন্নয়নমূলক কাম হোৱা নাই বুলি মন্তব্য বৰগয়াৰীৰ । বিটিচিত যদি আকৌ ৰাজ্যপাল শাসনৰ ম্যাদ বৃদ্ধি কৰা হয় তেনেহলে ই হ’ব গণতন্ত্ৰ আৰু উন্নয়নৰ পৰিপন্থী । এই মন্তব্য প্ৰকাশ কৰিছে বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে ।

কোকৰাঝাৰত আয়োজিত এক সংবাদমেলত বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে ৰাজ্যপাল শাসনৰ তীব্ৰ বিৰোধিতা কৰি ৰাজ্যপাল শাসনৰ সময়ছোৱাত এক পইচাৰো উন্নয়নমূলক কাম সম্পন্ন হোৱা নাই বুলি দাবী কৰিছে ।

ৰাজ্যপাল শাসনৰ ম্যাদ বৃদ্ধিকৰণৰ তীব্ৰ বিৰোধিতা খাম্পা বৰগয়াৰীৰ

ৰাজ্যপাল শাসনৰ ম্যাদ পুনৰ বৃদ্ধিকৰণৰ কুচকাৱাজক তীব্ৰ ভাষাৰে গৰিহণা দি এই কাৰ্য গণতন্ত্ৰৰ পৰিপন্থী, উন্নয়নৰ পৰিপন্থী বুলি উল্লেখ কৰি এই সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ সকলো বুদ্ধিজীৱিৰ প্ৰতি আহ্বান জনায় ।

আনহাতে ৰাজ্যপাল শাসনৰ প্ৰথম ছমহীয়া ম্যাদ উকলি যোৱাৰ পূৰ্বেই অৰ্থাৎ অক্টোবৰত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰি এইক্ষেত্ৰত বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে । তদুপৰি ইউ পি পি এল ভুলৰ বাবেই তথা ইউপিপিএলে দাবী কৰা অনুসৰি ৰাজ্যপাল শাসন প্ৰৱৰ্তন হোৱাৰ পিছতেই বিটিচিৰ জনসাধাৰণে দুৰ্ভোগ ভুগিব লগা হৈছে আৰু উন্নয়নৰ পৰা সমূলি বঞ্চিত হ’ব লগা হৈছে বুলি মন্তব্য কৰি খাম্পা বৰগয়াৰীয়ে ৰাজ্যপাল শাসনৰ বিৰুদ্ধে ইউপিপিএল দলকো মাত মাতিবলৈ আহ্বান জনাইছে ৷

উল্লেখ্য যে, ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ নিৰ্বাচনে ভয়ানক গণ সংক্ৰমণ বিয়পাব পাৰে বুলি আশাংকা প্ৰকাশ কৰি নিৰ্বাচন পিছুওৱাৰ সপক্ষে মন্তব্য প্ৰকাশ কৰাৰ পিছতেই কোকৰাঝাৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে চাওক-15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে পথচাৰীক

ABOUT THE AUTHOR

...view details