কোকৰাঝাৰ, 6 ডিচেম্বৰ: কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ (Rupnath Brahma Civil Hospital) পঁয়ালগা অৱস্থাৰ কথা সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই সোমবাৰে সন্ধিয়া স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই চিকিৎসালয়খনত আকস্মিক পৰিদৰ্শন কৰে(Keshav Mahanta Sudden visit to RNB Hospital in Kokrajhar) । চিকিৎসালয়খনত সোমবাৰে সন্ধিয়া হঠাৎ স্বাস্থ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাত চিকিৎসালয় কৰ্তৃপক্ষৰ মাজত হুৱাদুৱা লাগে ।
কেশৱ মহন্তৰ পৰিদৰ্শনৰ কথা অৱগত হৈ বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ খৰধৰকৈ চিকিৎসালয়খনত উপস্থিত হোৱা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে, বিটিআৰ বিধান পৰিষদৰ সাতজনীয়া ষ্টেণ্ডিং কমিটিয়ে কিছুদিন পূৰ্বে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয় পৰিদৰ্শন কৰি স্বাস্থ্যবিভাগৰ পঁয়ালগা অৱস্থা আঙুলিয়াই দিয়ে ৷ লগতে চিকিৎসালয়খনৰ দুৰাৱস্থাৰ বাবে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে' জগৰীয়া বুলি মন্তব্য কৰাৰ পিছতেই স্বাস্থ্যমন্ত্ৰীগৰাকীৰ চাডেন ভিজিট যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে (Poor condition of RNB Civil Hospital) ।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আৰএনবি চিকিৎসালয়ৰ অধীক্ষক তথা কোকৰাঝাৰ মেডিকেল কলেজৰ যুটীয়া সচিব ডাঃ এ.এছ শৰ্মা, বিটিআৰৰ স্বাস্থ্য সঞ্চালক ডাঃ উমেশ ফাংচ' , আৰএনবি চিকিৎসালয়ৰ প্ৰশাসক চিন্ময় দাস আৰু বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ সৈতে অধীক্ষকৰ কোঠাত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় । উক্ত বৈঠকত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আৰএনবি চিকিৎসালয়ৰ কাৰিকৰী অসুবিধাসমুহ দূৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । তদুপৰি মেডিকেল কলেজলৈ আৰএনবি চিকিৎসালয়ৰ কৰ্মচাৰীসকল স্থানান্তৰিত হোৱাৰ বিষয়টোৱে আলোচনাত স্থান লাভ কৰে ।