কোকৰাঝাৰ, ৩১ মাৰ্চ: ৰাজ্যজুৰি বিধানসভা নিৰ্বাচনৰ গৰম বতাহ চলি থকাৰ মাজতে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ চমুকৈ কেএচি নেতৃবৃন্দই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট অৰ্থাৎ ইউপিপিএল, অগপ আৰু জিএছপি সমৰ্থিত প্ৰাৰ্থীলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৷ এই বিষয়ে সদৰী কৰে কেএচিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন আৰু কাৰ্যবাহী সদস্য প্ৰদীপ কুমাৰ ৰায়ে ৷
কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ বিজেপি মিত্ৰজোঁটলৈ সৰ্মথন - কেএচিৰ অধ্যক্ষ
ৰাজ্যজুৰি বিধানসভা নিৰ্বাচনৰ গৰম বতাহ চলি থকাৰ মাজতে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ চমুকৈ কেএচি নেতৃবৃন্দই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট অৰ্থাৎ ইউপিপিএল, অগপ আৰু জিএছপি সমৰ্থিত প্ৰাৰ্থীলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৷ বুধবাৰে কোকৰাঝাৰৰ চেংমাৰিত আয়োজিত এক সংবাদমেলত কেএচিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন আৰু কাৰ্যবাহী সদস্য প্ৰদীপ কুমাৰ ৰায়ে এই বিষয়ে সদৰী কৰে ৷

বুধবাৰে কোকৰাঝাৰৰ চেংমাৰিত আয়োজিত এক সংবাদমেলত কেএচিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন আৰু কাৰ্যবাহী সদস্য প্ৰদীপ কুমাৰ ৰায়ে এই বিষয়ে সদৰী কৰি কয় যে, কেএচিৰ জৰিয়তে বিজেপি চৰকাৰে কোচ-ৰাজবংশী জনগোষ্ঠীৰ সমস্যা আৰু দাবী সমূহ পূৰণৰ বাবে আশ্বাস প্ৰদান কৰিছে ৷ ঠিক তেনেদৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ সৈতে কেএচি নেতৃবৃন্দই ইতিমধ্যে এক আলোচনাত মিলিত হৈছে ৷ তেঁও আমাক সহযোগিতা কৰি যাব বুলি কথা দিছে ৷ তদুপৰি যিহেতু বিজেপি চৰকাৰে কেএচি গঠনৰ দ্বাৰা কোচ-ৰাজবংশী জনগোষ্ঠীৰ আৰ্থ-সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ভাষা-সাহিত্য বিকাশৰ আৰু উন্নয়নৰ পথ মুকলি কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত সমগ্ৰ অসমৰ কোচ-ৰাজবংশী ভোটাৰ ৰাইজক বিজেপি, অগপ, ইউপিপিএল আৰু জিএছপি সমৰ্থিত প্ৰাৰ্থীৰ সপক্ষে ভোট প্ৰদান কৰিবলৈ আহ্বান জনাইছো ৷
তেনেদৰে বিটিআৰ অঞ্চলতো বিজেপি, ইউপিপিএল আৰু জিএছপি সমৰ্থিত প্ৰাৰ্থী সকললৈ কেএচি নেতৃবৃন্দই সমৰ্থন জনাইছে ৷ গতিকে ভোটাৰ ৰাইজকো কেএচি নেতৃবৃন্দই বিজেপি, ইউপিপিএল আৰু জিএছপি সমৰ্থিত প্ৰাৰ্থীক সমাগত বিধানসভা নিৰ্বাচনত ভোট দি জয়যুক্ত কৰিবলৈ আহবান জনায় কেএচিৰ অধ্যক্ষ আৰু কাৰ্যবাহী সদস্য প্ৰদীপ কুমাৰ ৰায়ে ৷ সংবাদমেলত কেএচি কাৰ্যবাহী সদস্য জীবেশ ৰায় আৰু কৰমেশ্বৰ ৰায় উপস্থিত থাকে ৷
লগতে পঢ়কঃ নিৰ্বাচনী বিধি বলবৎ হোৱাৰে পৰা ৰাজ্যত জব্দ ১১০.৮৩ কোটি টকাৰ সামগ্ৰী