কোকৰাঝাৰ, ১৭ নৱেম্বৰ :বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিচি পৰিষদীয় অধিৱেশন (BTR Council Session) । কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচি বিধান পৰিষদীয় ভৱনত (Council House) অনুষ্ঠিত অধিৱেশনত কেইবাখনো বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে আৰম্ভণিতে বিৰোধী বিপিএফৰ একাংশ পাৰিষদে বিটিআৰ চৰকাৰৰ নীতি-নিয়মক লৈ তুমুল তৰ্ক-বিতৰ্কত লিপ্ত হয় ।
অধিৱেশনৰ প্ৰথমটো দিনতে পৰিষদ ভৱনত সাংবাদিকৰ প্ৰতিবাদ প্ৰমোদ বড়ো (Pramod Bodo) নেতৃত্বাধীন ইউপিপিএল (UPPL),বিজেপি (BJP) আৰু জি এচ পি (GSP) মিত্ৰজোঁট পৰিষদখনৰ অধিৱেশনত বিপিএফ দলে এতিয়াহে বিৰোধীৰ প্ৰকৃত ভূমিকা লোৱা দেখা গৈছে ৷ ইফালে বিটিচি বিধান পৰিষদৰ কতৃপক্ষই প্ৰথম দিনাই অধিৱেশনত সংবাদ মাধ্যমক ম'বাইল ফোন লৈ বিধান পৰিষদীয় ভৱনৰ ভিতৰত প্ৰৱেশত বাধা প্ৰদান কৰে ।
অধিৱেশন চলি থকা অৱস্থাত পৰিষদীয় ভৱনৰ প্ৰেছ গেলাৰীত ম'বাইল লৈ প্ৰৱেশত অধ্যক্ষই নিষেধাজ্ঞা জাৰি কৰাত কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সংবাদকৰ্মী সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ বিটিচি বিধান পৰিষদীয় ভৱনৰ সংশ্লিষ্ট কৰ্তৃপক্ষই সাংবাদিকসকলক ফটো ,ভিডিঅ' ফুটেজ সংগ্ৰহত বাধা দিবলৈকে ম'বাইল ফোন ভিতৰলৈ নিয়াত বাধা প্ৰদান কৰাত সংবাদকৰ্মীসকলে বিটিচি বিধান পৰিষদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷
কোকৰাঝাৰৰ জ্যেষ্ঠ সাংবাদিক প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে বিটিচি বিধান পৰিষদীয় ভৱনৰ সংশ্লিষ্ট কৰ্তৃপক্ষই লোৱা এনে সিদ্ধান্তত তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভ ব্যক্ত কৰে ৷ জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ বাবে বিটিচি বিধান পৰিষদৰ অধ্যক্ষকক আহ্বান জনায় ৷ আনহাতে, ডিজিটেল ইণ্ডিয়াৰ দিনত এয়া এক দুৰ্ভাগ্যজনক কাণ্ড বুলি অভিহিত কৰিছে সাংবাদিক কনক চন্দ্ৰ বড়োই ৷ অৱশ্যে সাংবাদিকৰ তীব্ৰ প্ৰতিবাদৰ অন্তত বিটিচি বিধান পৰিষদ কৰ্তৃপক্ষই বিটিচি বিধান পৰিষদৰ প্ৰেছ গেলাৰীত সাংবাদিকসকলক ম'বাইল ফোন লৈ প্ৰৱেশৰ অনুমতি প্ৰদান কৰিবলৈ বাধ্য হয় ।
লগতে পঢ়ক :Rashleela: টীয়কত ক’ভিড প্ৰট’কলৰ মাজেৰে ৰাসৰ পূৰ্ণ প্ৰস্তুতি