অসম

assam

ETV Bharat / state

নিশাটোৰ বাবে ন্যায়িক জিন্মালৈ জিগনেশ মেৱানী: কেমেৰাৰ সমুখত দেখুৱালে পুষ্পাৰ ভংগিমা - বিধায়ক জিগনেশ মেৱানী

কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ জিগনেশক ৷ আদালতে নিশাটোৰ বাবে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিলে জিগনেশক (Judicial custody for Jignesh mevani) ৷ পুষ্পাৰ মেই ঝুকেগা নেহী ভংগিমা  প্ৰদৰ্শন জিগনেশৰ ৷

Judicial custody for Jignesh mevan
কেমেৰাৰ সমুখত দেখুৱালে পুষ্পাৰ ভংগিমা

By

Published : Apr 24, 2022, 10:56 PM IST

কোকৰাঝাৰ, ২৪ এপ্ৰিল : এক টুইটক কেন্দ্ৰ কৰি গুজৰাটৰ পালনপুৰ আৱৰ্ত ভৱনৰ পৰা যোৱা ২০ এপ্ৰিলত ভদগাম সমষ্টিৰ বিধায়ক জিগনেশ মেৱানীক কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তিনি দিনৰ জিন্মাত ৰখাৰ পিছত ৰবিবাৰে আৰক্ষীয়ে পুনৰাই বিধায়কগৰাকীক আদালতত হাজিৰ কৰায় । উল্লেখ্য যে, আদালতে বান্ধি দিয়া তিনিদিনৰ আৰক্ষী জিন্মাৰ সময়সীমা উকলি যোৱাৰ পিছত আৰক্ষীয়ে আজি পুনৰাই কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বিয়লি প্ৰায় ৬:০০ বজাত বিধায়ক জিগনেশ মেৱানীক হাজিৰ কৰায় ।

কেমেৰাৰ সমুখত দেখুৱালে পুষ্পাৰ ভংগিমা

আৰক্ষীয়ে অধিক তদন্তৰ স্বাৰ্থত জিগনেশ মেৱানীক পুনৰাই ১০ দিনৰ আৰক্ষী জিন্মাত বিচাৰে যদিও দুয়োপক্ষৰ মাজত সম্পূৰ্ণ ডেৰঘণ্টাজোৰা শুনানিৰ অন্তত কোকৰাঝাৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জিগনেশ মেৱানীক নিশাটোৰ বাবে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে । কাইলৈ পুৱা ১০ - ৩০ বজাত পুনৰ আদালতে বিষয়টো চালি জাৰি চাব আৰু আদালতে বিষয়টো সন্দৰ্ভত সিদ্ধান্ত লব ।

ইপিনে, মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা আৰক্ষী জিন্মাৰ পৰিবৰ্তে ন্যায়িক জিন্মালৈ যোৱাৰ সময়ত গাড়ীৰ ভিতৰৰ পৰা পুষ্পাৰ মেই ঝুকেগা নেহী ভংগিমা প্ৰদৰ্শন কৰে জিগনেশ মেৱানীয়ে (Jignesh mevani shows Jhukega nehi style of Pushpa) ।

লগতে পঢ়ক:গুৱাহাটীবাসীৰ ভোটদানে আমাৰ দায়িত্ব আৰু অধিক বৃদ্ধি কৰিলে : মুখ্যমন্ত্ৰী

For All Latest Updates

ABOUT THE AUTHOR

...view details