কোকৰাঝাৰ,7 ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ উপলক্ষে উথপ-থপ কোকৰাঝাৰৰ জাংখ্ৰীঠাই পথাৰ ৷ ঐতিহাসিক তৃতীয় বড়ো শান্তি চুক্তি উপলক্ষে কোকৰাঝাৰ জাংখ্রীঠাই পথাৰত আয়োজিত বিজয় উৎসৱত শুকুৰবাৰে ভাগ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । দিনৰ 12.30 বজাত কোকৰাঝাৰবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷
বাৰেৰহণীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু কোকৰাঝাৰবাসী - কোকৰাঝাৰ জাংখ্রীঠাই পথাৰ
ঐতিহাসিক তৃতীয় বড়ো শান্তি চুক্তি উপলক্ষে কোকৰাঝাৰ জাংখ্রীঠাই পথাৰত আয়োজিত বিজয় উৎসৱত শুকুৰবাৰে ভাগ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । দিনৰ 12.30 বজাত কোকৰাঝাৰবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷
প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু কোকৰাঝাৰবাসী
উল্লেখ্য যে,অসম চৰকাৰ সহযোগত আয়োজন কৰা হৈছে এই বিজয় উৎসৱ । বিগত 27 জানুৱাৰীত দিল্লীত কেন্দ্ৰীয় চৰকাৰ,এন ডি এফ বি আৰু এবছুয়ে তৃতীয় বড়ো চুক্তি স্বাক্ষৰিত কৰিছিল ৷ বিজয় উৎসৱ উপলক্ষে জনসাধাৰণৰ লানি নিছিগা সোঁত বৈছে জাংখ্ৰীঠাই পথাৰত। আয়োজক সমিতিয়ে প্ৰায় লক্ষাধিক মানুহৰ সমাগম হোৱাৰ আশংকা ব্যক্ত কৰিছে ৷ লগতে সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে ৷
লগতে চাওকঃগোৰেশ্বৰত পালন 68 সংখ্যক গোপাল উৎসৱ
Last Updated : Feb 7, 2020, 11:02 AM IST