কোকৰাঝাৰ, 30 চেপ্তেম্বৰ:গোঁসাইগাঁৱৰ কচুগাঁও বন বিভাগ আৰু এছ এছ বিৰ যৌথ অভিযানত হাতী দাঁতসহ আটক 4 সৰবৰাহকাৰী ৷ বিভাগীয় কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি, বহু পূৰ্বৰে পৰাই কোনো গোপন সুত্ৰযোগে অভিযানকাৰী দলয়োৱে হাতী দাঁত সৰবৰাহৰ তথ্য লাভ কৰিছিল ৷ সেই তথ্যৰ ভিত্তিত দলটোৱে মঙলবাৰে কচুগাঁও অঞ্চলত অভিযান চলাই চানছোৰাং ৱাৰী নামৰ লোক এগৰাকী ঘৰৰ পৰা মাটিত পুতি থোৱা অৱস্থাত হাতী দাঁত জব্দ কৰে ৷
গোঁসাইগাঁৱত হাতী দাঁতসহ আটক 4 জন লোক - কোকৰাঝাৰ
কোকৰাঝাৰৰ গোঁসাইগাঁৱৰ পৰা বন বিভাগ আৰু এছ এছ বিৰ যৌথ অভিযানত জব্দ দুটাকৈ হাতীৰ দাঁত ৷ জব্দকৃত দাঁত কেইটাৰ লগতে 4 জন লোককো আটক কৰে অভিযানকাৰী দলটোৱে ৷

হাতী দাঁতসহ আটক 4 জন লোক
গোঁসাইগাঁৱত হাতী দাঁতসহ আটক 4 জন লোক
পৰৱৰ্তী সময়ত আন এক স্থানতো অভিযান চলাই দলটোৱে আন এটা হাতীৰ দাঁত জব্দ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে,ৰেঞ্জাৰ প্ৰাঞ্জল তালুকদাৰৰ নেতৃত্বত চলোৱা অভিযানটোত অভিযানকাৰী দলটোৱে দুটাকৈ হাতীৰ দাঁত জব্দ কৰাৰ লগতে,আটক কৰে 4 জন লোকক ৷ আটকাধীন লোক কেইজন চানচোৰাং ৱাৰী, চন্দ্ৰ শেখৰ বসুমতাৰী,ৰিংছাৰ বসুমতাৰী আৰু থুলুংগা বসুমতাৰী বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:জাগীৰোড কাগজ কলৰ চুৰি সামগ্ৰী উদ্ধাৰ