অসম

assam

ETV Bharat / state

International Women's Day : কোকৰাঝাৰত এবছুৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন - আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 2022

সমগ্ৰ বিশ্বতে আজি পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস (International Women's Day) । ৰাজ্যৰ ভিন্ন প্ৰান্ততো কৰা হৈছে উদযাপন । ABSU ৰ উদ্যোগত কোকৰাঝাৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ।

International Women's Day
কোকৰাঝাৰত International উদযাপন Women's Day

By

Published : Mar 8, 2022, 1:13 PM IST

কোকৰাঝাৰ, ৮ মাৰ্চ : সমগ্ৰ দেশৰ লগতে BTR ৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰতো আজি এবছুকে ধৰি বিভিন্ন দল-সংগঠনে সুকীয়া সুকীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস(International Women's Day) উদযাপন কৰে ৷ নাৰী দিৱস উপলক্ষে কোকৰাঝাৰৰ তিতাগুৰি সমূহীয়া ভৱনত ABSU য়ে সাংগঠনিক পতাকা উত্তোলনৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । পতাকা উত্তোলন কৰে ABSU ৰ কেন্দ্ৰীয় সম্পাদিকা ৰংগিলা ৰাণী বৰগয়াৰীয়ে ৷

এবছুৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

ইয়াৰ পিছতে দেশ আৰু জাতিৰ হকে প্ৰাণ ত্যাগ কৰা বীৰাংগণাসকলৰ স্মৃতিত শ্বহীদ তৰ্পণ কৰাৰ লগতে ABSU ৰ জিলা সমিতিৰ পৌৰহিত্যত সমাজত নাৰীৰ অধিকাৰ শীৰ্ষক এখনি তত্বগধুৰ আলোচনা সভা অনুষ্ঠিত কৰে ৷

বীৰাংগণাসকলৰ স্মৃতিত শ্বহীদ তৰ্পণ

অনুষ্ঠানটোত ABSU ৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়ো, সম্পাদক খনীন্দ্ৰ বসুমতাৰী, উপ-সভাপতি খৌৰমদাও ওৱাৰী ,সাহিত্য সচিব সমিত নাৰ্জাৰী আৰু প্ৰচাৰ সচিব চৰণজিৎ নাৰ্জাৰী, কাৰ্যালয় সম্পাদক বুদ্ধিৰাম বসুমতাৰী, উপ মুখপাত্ৰ বিবাৰী বড়ো প্ৰমূখ্যে এবছুৰ জিলা, আঞ্চলিকৰ ছাত্ৰ নেতা আৰু বহুসংখ্যক ছাত্ৰী উপস্থিত থাকে ৷

এবছুৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

লগতে পঢ়ক:International Women's Day : শিল্প কৰ্মৰ জৰিয়তে সফলতাৰ শিখৰ স্পৰ্শ কলিয়াবৰৰ ৰীণাৰ

ABOUT THE AUTHOR

...view details