কোকৰাঝাৰ,২৯ জানুবাৰী:লৌৰগী নাট্য গোষ্ঠীৰ উদ্যোগত তথা বিটিআৰ চাৰকাৰৰ সহযোগত পোনপ্ৰথমবাৰৰ সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰথম মৈহুৰ আন্তৰাষ্ট্ৰীয় নাট মহোৎসৱ(International Theatre Festival in Kokrajhar) ৷ শনিবাৰে সন্ধিয়া বন্তি প্ৰজ্বলনৰে নাট মহোৎসৱৰ শুভাৰম্ভ কৰে অসম নাট্য সন্মিলনৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট নাট্যকাৰ, অভিনেতা দুলাল ৰয়ে(First International Theater Festival in Kokrajhar) ৷ ইয়াৰ পূৰ্বে মহোৎসৱথলীত গাঁৱৰ আৰ্হিত আটকধুনীয়াকৈ নিৰ্মাণ কৰা লৌৰগী থিয়েটাৰ ভিলেজৰ দ্বাৰ উদঘাটন কৰে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে(MLA Lawrence Islari) ৷
কোকৰাঝাৰৰত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় মহোৎসৱত বহিঃৰাষ্ট্ৰ শ্ৰীলংকা আৰু নেপালৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ১৩ টাকৈ প্ৰখ্যাত নাট্য গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে ৷ প্ৰথম দিনা কেশৱ মুছাহাৰীৰ পৰিচালিত বড়ো ভাষাৰ প্ৰখ্যাত THOKON (লাখুঁটি) নাট্যখনৰে আন্তৰাষ্ট্ৰীয় মহোৎসৱৰ শুভাৰম্ভ কৰা হয় ৷ শনিবাৰে নিশা অনুষ্ঠিত বড়ো ভাষাৰ নাটকখনে দৰ্শকৰ বিশাল সঁহাৰি লাভ কৰে ৷
লগতে পঢ়ক:Morigaon Book fair 2023 : কুৰিখন গ্ৰন্থ উন্মোচনেৰে সামৰণি পৰিল মৰিগাঁও গ্ৰন্থমেলাৰ