অসম

assam

ETV Bharat / state

International Theater Festival: কোকৰাঝাৰত দেশ বিদেশৰ বহুকেইটা প্ৰখ্যাত নাট্য দলে পাতিব নাটকৰ মেলা - International Theater Festival

২৮ জানুৱাৰীৰ পৰা কোকৰাঝাৰত আৰম্ভ হ’ব আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱ (First International Theater Festival in Kokrajhar) ৷ কোকৰাঝাৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ মুঠ ১৩ টা প্ৰখ্যাত নাট্য দলে অংশগ্ৰহণ কৰিব বুলি জনালে উদ্যোক্তাই ৷

First International Theatre Festival
দেশ বিদেশৰ ১৩ টা প্ৰখ্যাত নাট্য দল

By

Published : Jan 13, 2023, 1:56 PM IST

দেশ বিদেশৰ ১৩ টা প্ৰখ্যাত নাট্য দল

কোকৰাঝাৰ ১৩ জানুৱাৰী: বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী চান্দামাৰীস্থিত বড়োফা সাংস্কৃতিক প্ৰকল্পত অহা ২৮ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব প্ৰথম আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱ ৷ বিটিআৰ চৰকাৰৰ উদ্যোগত লৌৰগী নাট্য দলৰ সহযোগত বড়োলেণ্ডত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হ’ব এই নাট্য উৎসৱৰ ৷ বৃহস্পতিবাৰে বিয়লি বডোফা সাংস্কৃতিক প্ৰকল্পত এক সংবাদমেল সম্বোধন কৰি নাট্য উৎসৱৰ সমিতিৰ সঞ্চালক সঞ্জীৱ কুমাৰ ব্ৰহ্মই সদৰি কৰে এই কথা (First International Theater Festival in Kokrajhar) ৷ সঞ্চালক সঞ্জীৱ কুমাৰ ব্ৰহ্মই সংবাদমেলযোগে প্ৰথম আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱত অসম তথা বিটিআৰৰ লগতে দেশ - বিদেশৰ সৰ্বমুঠ ১৩ খন প্ৰখ্যাত নাট প্ৰদৰ্শিত কৰা হ’ব বুলি উল্লেখ কৰে ৷

আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱত বহিঃৰাষ্ট্ৰ নেপাল, শ্ৰীলংকাৰ উপৰিও দিল্লী, ,পশ্চিমবংগ ,মুম্বাই, মনিপুৰ, ৰাজস্থান, অসম আৰু বিটিআৰৰ মুঠ ১৩ টা প্ৰখ্যাত নাটকৰ দলে অংশগ্ৰহণ কৰিব ৷ প্ৰথম দিনা ২৮ জানুৱাৰীত কেশৱ মুছাহাৰীৰ পৰিচালিত বড়ো ভাষাৰ থ’ক’ন নাট্য প্ৰদৰ্শনেৰে শুভাৰম্ভ হ’ব আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱ ২০২৩ (First International Theatre Festival ) ৷

দেশ বিদেশৰ ১৩ টা প্ৰখ্যাত নাট্য দল

আনহাতে যশস্বী নাট্য পৰিচালক গুনাকৰ দেৱ গোস্বামীৰ দ্বাৰা পৰিচালিত ঘটোৎকোচ পুত্ৰ মোৰ শীৰ্ষক নাটখনো আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱত প্ৰদৰ্শিত হ’ব বুলি উল্লেখ কৰে সঞ্চালক সঞ্জীৱ কুমাৰ ব্ৰহ্মই ৷ গুনাকৰ দেৱ গোস্বামীৰ দ্বাৰা পৰিচালিত নাটখনি আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱৰ দ্বিতীয় দিনা মঞ্চস্থ হ’ব বুলি জানিবলৈ দিয়ে নাট্য উৎসৱৰ সমিতিৰ সঞ্চালকগৰাকীয়ে ৷

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱখনিত ভাগ ল’বৰ বাবে দেশ-বিদেশৰ 72 খন দেশে আবেদন জনাইছিল বুলি সংবাদমেল যোগে কয় নাট্য উৎসৱৰ সমিতিৰ সঞ্চালকগৰাকীয়ে ৷ ভাৰতৰ উপৰিও শ্ৰীলংকা, নেপাল, ইটালী, টাইৱানৰ দেশৰ নাট্য দলসমূহেও আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱখনিত ভাগ ল’বৰ বাবে আবেদন-পত্ৰ আগবঢ়াইছিল যদিও উৎসৱ সমিতিৰ জুৰি দলে 72 টাৰ ভিতৰত কেৱল মাত্ৰ 13 দলকহে নিৰ্বাচিত কৰে আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱখনিত প্ৰদৰ্শনৰ বাবে ৷

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱত অংশগ্ৰহণ কৰিবলগীয়া নাট্য দল সমূহক বাহিৰৰ হোটেলৰ পৰিৱৰ্তে গাঁৱৰ পৰিৱেশত বডোফা সাংস্কৃতিক প্ৰকল্পৰ ভিতৰতে ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলি কয় নাট্য উৎসৱৰ সমিতিৰ সঞ্চালকগৰাকীয়ে ৷ ইয়াৰ বাবে বডোফা সাংস্কৃতিক প্ৰকল্পৰ চাৰিওদিশে খেৰীৰ পঁজা ঘৰ নিৰ্মাণ কৰি এক অস্থায়ী গাঁও নিৰ্মাণৰ কাম পূৰ্ণ গতিত অব্যাহত ৰখা হৈছে বুলি সংবাদ মেলখনত উল্লেখ কৰে উদ্যোক্তা সমিতিয়ে ৷

লগতে পঢ়ক :Illegal train ticket booking racket: ৰেলৰ টিকটৰ অবৈধ ব্যৱসায় কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন

ABOUT THE AUTHOR

...view details