অসম

assam

ETV Bharat / state

পুনৰবাৰ নৱ শৰণীয়াৰ দখলত কোকৰাঝাৰ - কোকৰাঝাৰ লোকসভা সমষ্টি

জয়লাভৰ পাছতে নৱ কুমাৰ শৰণীয়াই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো ভোটাৰ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে ৷ উল্লেখ্য যে একালৰ প্ৰাক্তন বিদ্ৰোহী নৱ কুমাৰ শৰণীয়াই দ্বিতীয়বাৰৰ বাবে কোকৰাঝাৰৰ পৰা নিৰ্বাচিত হৈছে ৷

কোকৰাঝাৰত শেষ হাঁহি মাৰিলে নৱ শৰণীয়াই

By

Published : May 23, 2019, 11:53 PM IST

Updated : May 24, 2019, 12:45 AM IST

কোকৰাঝাৰ, 23 মে': কোকৰাঝাৰ লোকসভা সমষ্টিত অৱশেষত তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত শেষ হাঁহি মাৰিলে নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই ৷ শৰণীয়াই প্ৰায় ৪,৭৯,২০২ ভোট পোৱাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী বিপিএফৰ প্ৰমিলা ৰাণী ব্ৰহ্মই প্ৰায় ৪,৪১,০১৭ ভোট লাভ কৰে ৷ অৰ্থাৎ প্ৰায় ৩৮,১৮৫ ভোটত জয় লাভ কৰে নিৰ্দলীয় প্ৰাৰ্থীগৰাকী ৷ তাৰোপৰি, ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰায় ৩,০৮,৮১২ ভোট লাভ কৰি তৃতীয় স্থানত থাকে । সৰ্বমুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰা এই সমষ্টিত কংগ্ৰেছৰ শব্দ ৰাম ৰাভাই প্ৰায় ১,৪৩,৭৩৭ ভোট লাভেৰে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয় ৷

কোকৰাঝাৰত শেষ হাঁহি মাৰিলে নৱ শৰণীয়াই

ইয়াৰ বিপৰীতে চিপিআই(এম) ৰ বিৰাজ ডেকাই প্ৰায় ২৭,৪৩০ টা, পূৰ্বাঞ্চল জনতা পাৰ্টী(চেকুলাৰ)ৰ প্ৰাৰ্থী চৰণ ইছৱাৰীয়ে প্ৰায় ৯,৪৫০ টা, ভোটাৰ পাৰ্টী ইণ্টাৰনেচনেলৰ প্ৰাৰ্থী ৰাজেশ নাৰ্জাৰীয়ে প্ৰায় ১৩,৭৮৯ টা, নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে প্ৰসেনজিৎ কুমাৰ দাসে প্ৰায় ৯,৭৪৯ টা আৰু ৰঞ্জয় কুমাৰ ব্ৰহ্মই প্ৰায় ১০,৬৬২ টা ভোট লাভ কৰিবলৈ সক্ষম হয় । লক্ষণীয়ভাৱে, কোকৰাঝাৰ লোকসভা সমষ্টিত নোটাত( NOTA) প্ৰায় ১৫,৭৫৫ টা ভোট পৰাৰ উপৰি চাৰিগৰাকী প্ৰাৰ্থীয়ে নোটাতকৈ কমকৈ ভোট লাভ কৰিছে । কোকৰাঝাৰ লোকসভা সমষ্টিৰ সৰ্বমুঠ ভোটাৰ আছিল ১৭,৬৫,৪১১ গৰাকী আৰু ৮৩.১৬ শতাংশই এইবেলি নিৰ্বাচনত ভোটদান কৰিছিল । ইপিনে জয়লাভৰ পাছতে নৱ কুমাৰ শৰণীয়াই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো ভোটাৰ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে ৷ উল্লেখ্য যে একালৰ প্ৰাক্তন বিদ্ৰোহী নৱ কুমাৰ শৰণীয়াই দ্বিতীয়বাৰৰ বাবে কোকৰাঝাৰৰ পৰা নিৰ্বাচিত হৈছে ৷

Last Updated : May 24, 2019, 12:45 AM IST

ABOUT THE AUTHOR

...view details