অসম

assam

ETV Bharat / state

অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ হুংকাৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ

চাকৰি নিয়মীয়াকৰণ নহ'লে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰিব ৰাজ্যৰ প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাই ৷ সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰি এই কথা স্পষ্ট কৰি দিছে ৷

By

Published : Jul 23, 2021, 10:51 PM IST

INDEFINITE STRIKE OF HOMEGUARD
অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ হুংকাৰ প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ

কোকৰাঝাৰ, 23 জুলাই :চাকৰি নিয়মীকৰণ নকৰাক লৈ ক্ষুদ্ধ হৈ পৰিছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা ৷ চলিত বাজেট অধিৱেশনত গৃহৰক্ষী জোৱান (Home Guard) সকলৰ চাকৰি নিয়মীয়াকৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে ৰাজ্য চৰকাৰে ৷ যাৰ ফলত ৰাজ্যজুৰি অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ হুংকাৰ দিছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই ৷

শুকুৰবাৰে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা কমিটীয়ে সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰে ৷ বিবৃতিত উল্লেখ কৰা অনুসৰি, সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ন্যাৰ্য দাবীসমূহক লৈ বিভাগীয় কৰ্তপক্ষ আৰু ৰাজ্য চৰকাৰৰ সৈতে আলাপ-আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ চেষ্টা চলাই অহা হৈছে ৷ কিন্তু গৃহৰক্ষী সন্থাৰ ন্যাৰ্য দাবীসমূহৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা নাই ৷

অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ হুংকাৰ প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ

বিগত বৰ্ষত অৰ্থাৎ ২০২০ চনৰ ১২ নৱেম্বৰত মুখ্যমন্ত্ৰী, ডিজিপিৰ লগতে মুখ্য সচিৱৰ সৈতে হোৱা আলোচনাকালত গৃহৰক্ষী সকলৰ সমস্যা সমাধান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰা হৈছিল ৷ কিন্তু সেই আশ্বাস আজিও কাৰ্যত পৰিণত নহ'ল ৷

ৰাজ্যখনৰ প্ৰায় ২৭ হেজাৰৰো অধিক প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱান আছে ৷ বৰ্তমান এই গৃহৰক্ষী জোৱান সকলৰ আৰ্থিক অৱস্থা অতি পুতৌলগা ৷ গৃহৰক্ষী জোৱানসকলে বিভিন্ন পৰ্যায়ত মাত্ৰ 9 হাজাৰ টকাৰ বিনিময়ত কৰ্তব্যত নিয়োজিত হৈ আহিছে ৷ গৃহৰক্ষী জোৱানসকলে দিনে-নিশাই কৰ্তব্য পালন কৰি থকা বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভাগীয় কৰ্তপক্ষৰ লগতে খোদ চৰকাৰো অৱগত ৷

ইয়াৰ সমান্তৰালভাৱে বিবৃতিত উল্লেখ কৰা অভিযোগ মতে, গাওঁবুঢ়া, টেট শিক্ষক, ১০৮ কৰ্মচাৰীকে আদি কৰি কেবাটাও অস্থায়ী বিভাগৰ কৰ্মচাৰী সকলক স্থায়ীভাৱে নিযুক্তি দিয়া হৈছে ৷ কিন্তু গৃহৰক্ষী জোৱান সকলক মাহী আইৰ দৃষ্টিৰে চাইছে চৰকাৰে ৷ সংবাদ মাধ্যমলৈ এই বিবৃতি প্ৰেৰণ কৰে সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জীতেন চন্দ্ৰ বৰ্মন আৰু সাধাৰণ সম্পাদক বৰহান কাজীৰে ৷

লগতে পঢ়ক: গৃহৰক্ষী জোৱানৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি

ABOUT THE AUTHOR

...view details