কোকৰাঝাৰ,৯ জুলাই : কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তৰ্গত যমুনাটাৰীত হোৱা এক ভূমিকেন্দ্ৰিক বিবাদৰ ফলত মহিলাসহ ৮ গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে । দুটা ফৈদৰ মাজত হোৱা এই বিবাদৰ ফলত আহত হোৱা ব্যাক্তিসকল ক্ৰমে জাহাংগীৰ আলম , জহিৰুল ইছলাম , মিজানুৰ ৰহমান, আকবৰ আলি, মৰিয়ম বিবি, জনাতুন বিবি, জয়দুৰ আলি আৰু মুস্তাফা আলি । আহত আটাইকেইগৰাকী সম্প্ৰতি সংকটজনক অৱস্থাত কোকৰাঝাৰ আৰএনবি চিকিৎসালয় আৰু এমআৰএম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
প্ৰাপ্ত খবৰ অনুসৰি মাটি আৰু সম্পত্তি কেন্দ্ৰিক বিবাদৰ ফলত যমুনাটাৰীত বুধবাৰে দুপৰীয়া দুই ফৈদৰ মাজত চোকা অস্ত্ৰৰে আক্ৰমণ আৰু প্ৰতি আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷ দুয়ো ফৈদৰ প্ৰায় ১০-১২ গৰাকী লোক আহত হোৱাৰ বিপৰীতে দুগৰাকী মহিলা সহিতে ৮গৰাকী লোক গুৰুতৰভাৱে আহত হৈছিল । ইয়াৰে কম আঘাতপ্ৰাপ্ত সকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যাবলৈ দিয়া হয় যদিও গুৰুতৰভাৱে আহত আঠগৰাকী লোকক দুখনকৈ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।