অসম

assam

ETV Bharat / state

36 গৰাকী সদস্যৰে গঠিত হ'ব বড়ো-কছাৰী কল্যাণ স্বায়ত্ব পৰিষদ - বড়ো

জানুৱাৰী মাহৰ ভিতৰতে চৰকাৰে 36 গৰাকী সদস্যৰে বড়ো-কছাৰী কল্যাণ স্বায়ত্ব পৰিষদৰ অন্তৱৰ্তী পৰিষদ গঠন কৰা হ'ব ৷ এই মন্তব্য ইউবিপিঅৰ সভাপতি মিহিনেশ্বৰ বসুমতাৰীৰ ৷

in-january-the-36-member-baro-kachari-welfare-autonomous-council-will-be-formed
36 গৰাকী সদস্যৰে গঠিত হ'ব বড়ো-কছাৰী কল্যাণ স্বায়ত্ব পৰিষদ

By

Published : Jan 5, 2021, 10:04 PM IST

কোকৰাঝাৰ, 5 জানুৱাৰী :চলিত জানুৱাৰী মাহৰ ভিতৰতে চৰকাৰে 36 গৰাকী সদস্যৰে বড়ো-কছাৰী কল্যাণ স্বায়ত্ব পৰিষদৰ অন্তৱৰ্তী পৰিষদখন গঠন কৰিব বুলি আশ্বাস প্ৰদান কৰিছে ৷ অৱশ্যে,এতিয়াও দিন ঠিক হোৱা নাই ৷ এই মন্তব্য ইউবিপিঅৰ সভাপতি মিহিনেশ্বৰ বসুমতাৰীৰ ৷

36 গৰাকী সদস্যৰে গঠিত হ'ব বড়ো-কছাৰী কল্যাণ স্বায়ত্ব পৰিষদ

মঙলবাৰে কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুঙগাফুৰিস্থিত প্ৰয়াত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধিত শ্ৰদ্বাঞ্জলি জনাবলৈ আহি বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰি বিষয়টোক লৈ চৰকাৰৰ সতে আলোচনা চলি আছে বুলি মন্তব্য প্ৰদান কৰে ৷ অন্তৱৰ্তী পৰিষদখনত অধ্যক্ষ সহ মুঠ 14 গৰাকী সদস্য থাকিব আৰু বাকী সকল সাধাৰণ সদস্য হিচাপে থাকিব ৷ ঠিক তেনেদৰে মহিলাৰ বাবে 6 খন আসন সংৰক্ষণ কৰাৰ বিপৰীতে 4 খন আসনৰ সদস্য চৰকাৰীভাৱে মনোনীত কৰা হ'ব বুলিও সদৰী কৰে বসুমতাৰীয়ে ৷

36 গৰাকী সদস্যৰে গঠিত হ'ব বড়ো-কছাৰী কল্যাণ স্বায়ত্ব পৰিষদ

লগতে পঢ়ক :16 দিনৰ পিচতো সন্ধান পোৱা নাই শিৱসাগৰৰ অভিযন্তাৰ

সাম্প্ৰতিক সময়ত সোণকোষৰ পৰা শদিয়ালৈ পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ বহু জটিলতা থকাৰ বাবেই বিটিআৰ,বড়ো-কছাৰী কল্যাণ স্বায়ত্ব পৰিষদসহ ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীক চৰকাৰে স্বায়ত্ব শাসন ব্যৱস্থা প্ৰদান কৰিছে বুলি উল্লেখ কৰে ইউবিপিঅএৰ সভাপতি গৰাকীয়ে ৷ দীঘলীয়া সংগ্ৰাম আৰু বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে বড়ো সকলে বিটিআৰ আৰু বড়ো-কছাৰী কল্যাণ স্বায়ত্ব পৰিষদ পাবলৈ সক্ষম হৈছে যদিও কাৰ্বি-আংলং আৰু ডিমা হাছাওৰ সমস্যা সমাধান হোৱা নাই বুলি মন্তব্য কৰি কৰি বসুমতাৰীয়ে কয় যে,ইয়াৰ বাবে আলোচনা-বিলোচনা অব্যাহত আছে ৷ এই সকলোবোৰ বডোফাৰ ত্যাগৰ বাবেই বড়োসকলে লাভ কৰিছে বুলি মন্তব্য কৰি বসুমতাৰীয়ে লগতে আৰু কয় বডোফাৰ ত্যাগ,জীৱন-দৰ্শন আৰু আদৰ্শক সন্মান জনাই আজি আমি বডোফালৈ শ্ৰদ্বাঞ্জলি জ্ঞাপন কৰিছো ৷

লগতে পঢ়ক :চাবুৱাত অসম গণ পৰিষদৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি

আনহাতে,1993 চনৰ 20 ফেব্ৰুৱাৰীত স্বাক্ষৰিত হোৱা বিএচি চুক্তি,2003 চনৰ 10 ফেব্ৰুৱাৰীত স্বাক্ষৰিত হোৱা বিটিচি চুক্তি আৰু 2020 চনৰ 27 জানুৱাৰীত এনডিএফবিৰ চাৰিটা গোট,এবছু আৰু ইউবিপিঅএ নেতৃবৰ্গৰ সতে কেন্দ্ৰীয় চৰকাৰে সম্পাদিত কৰা বিটিআৰ শান্তি চুক্তিলৈকে বডোফাৰ অপৰিসীম অৰিহণা আছে বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে ইউবিপিঅৰ সভাপতি মিহিনেশ্বৰ বসুমতাৰীয়ে ৷ বিগত 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ মহিলা সকলক ৰাজনৈতিক ক্ষেত্ৰখনত অংশ গ্ৰহণৰ কোনো অগ্ৰাধিকাৰ প্ৰদান নকৰিলে বুলিও বসুমতাৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

লগতে পঢ়ক :বন বিভাগৰ আশীৰ্বাদঃ বেঁকী নৈৰ বুকুত অবৈধ বালি খনন

ABOUT THE AUTHOR

...view details