কোকৰাঝাৰ,28 মাৰ্চ: বি টি চিৰ ভূমি আৰু ৰাজহ বিভাগৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ ৷ বিজ্ঞাপন নিদিয়াকৈ নতুন প্ৰাৰ্থীক অবৈধ ভাৱে চাকৰিত নিযুক্তি কৰাত ক্ষুব্ধ একাংশ বঞ্চিত অস্থায়ী কৰ্মচাৰী ৷ উল্লেখ্য যে, পূৰ্বৰ বি টি চিৰ চেন্ট্ৰেল চিলেক্সন বৰ্ড (চি এছ বি) ৰ দ্বাৰা নিৰ্বাচিত হৈ ফিক্স পে'ত চাকৰিত নিযুক্তি প্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ চাকৰিয়াল সকলক নিয়মীয়াকৰণ নকৰি পুনৰ একাংশ লোকক চাকৰিত নিযুক্তি দিয়াত ক্ষুব্ধ হৈ পৰিছে পূৰ্বৰ চাকৰিয়ালসকল ।
কোকৰাঝাৰত ভূমি আৰু ৰাজহ বিভাগৰ নিযুক্তিত অনিয়ম - বি টি এ ডি
অস্থায়ীভাৱে নিয়োজিত কৰ্মচাৰীক বঞ্চিত কৰি নিযুক্তি দিয়াৰ অভিযোগ
![কোকৰাঝাৰত ভূমি আৰু ৰাজহ বিভাগৰ নিযুক্তিত অনিয়ম](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2831114-786-90a884c0-50ab-4ad3-a6a2-223df990d3ca.jpg)
কোকৰাঝাৰত ভূমি আৰু ৰাজহ বিভাগত নিযুক্তিত অনিয়ম
কোকৰাঝাৰত ভূমি আৰু ৰাজহ বিভাগত নিযুক্তিত অনিয়ম
যাৰ বাবে বৃহস্পতিবাৰে বি টি এডিৰ সদৰ কোকৰাঝাৰস্থিত ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰে বঞ্চিত ক্ষুব্ধ চাকৰিয়ালসকলে ৷ তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক অতিশীঘ্ৰে অনিয়মভাৱে নিযুক্তি দিয়া কাৰ্য্যক তদন্ত কৰি চাকৰি নিয়মীয়াকৰণৰ দাবী জনায় ৷ অন্য়থা বঞ্চিতসকলে আইনৰ সহায় লোৱাৰ হুংকাৰ দিয়ে ।ইপিনে অবৈধভাৱে নিযুক্তি দিয়াৰ আধাৰত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে বুজন পৰিমানৰ ধনৰ বিনিময়ত নিযুক্তি প্ৰদান কৰাৰ অভিযোগ বঞ্চিতসকলৰ ।