অসম

assam

ETV Bharat / state

গোসাইগাঁৱত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ টাটা মোবাইল

ৰাষ্ট্ৰীয় ঘাইপথত বন বিভাগৰ অভিযানত গাড়ীখন পলাবলৈ চেষ্টা কৰে যদিও অভিযানকাৰীৰ তৎপৰতাত কাঠ সহ গাড়ীখন লৈ যায় গোসাইগাঁৱস্থিত বন বিভাগৰ কাৰ্যালয়লৈ ৷ বন বিভাগে সদৰী কৰা মতে,জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ লক্ষ্যাধিক টকা ৷

By

Published : Sep 5, 2019, 2:57 PM IST

গোসাইগাঁৱত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ টাটা মোবাইল

গোসাইগাঁও, ছেপ্টেম্বৰ: কোকৰাঝাৰৰ গোসাইগাৱঁত বন বিভাগৰ অভিযান ৷ বৃহস্পতিবাৰে পুৱা গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন সাপট দলংৰ সমীপত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং শালকাঠসহ জব্দ কৰে এ এছ ১৬চি/৪৬৭৬ নম্বৰৰ এখন টাটা পিকআপ ভান ৷ ৰাষ্ট্ৰীয় ঘাইপথত বন বিভাগৰ অভিযানত গাড়ীখন পলাবলৈ চেষ্টা কৰে যদিও অভিযানকাৰীৰ তৎপৰতাত কাঠসহ গাড়ীখন লৈ যায় গোসাইগাঁৱস্থিত বন বিভাগৰ কাৰ্যালয়লৈ ৷ বন বিভাগে সদৰী কৰা মতে, জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ লক্ষEধিক টকা ৷

গোসাইগাঁৱত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ টাটা মোবাইল

ABOUT THE AUTHOR

...view details