অসম

assam

ETV Bharat / state

অসম বংগ সীমান্তত পশ্চিম বংগ আৰু অসম আৰক্ষীৰ যৌথ অভিযান

অসমৰ চুবুৰীয়া ৰাজ্য বংগৰ আলিপুৰদুৱাৰৰ বাৰভিশাৰ বটতলাত বুধবাৰে বিয়লি পশ্চিম বংগ আৰু অসম আৰক্ষী অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং চাহ পাত জব্দ কৰে।

By

Published : Aug 7, 2019, 10:33 PM IST

অসম বংগ সীমান্তত পশ্চিম বংগ আৰু অসম আৰক্ষীৰ যৌথ অভিযান

গোসাইগাঁও, 7 আগষ্টঃ অসম বংগ সীমান্তত বংগ আৰু অসম আৰক্ষীয়ে যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং চাহ পাত জব্দ কৰে । বংগৰ বাৰভিশাৰ বটতলাৰ এটা গোদামৰ পৰা চোৰাং চাহ পাতখিনি জব্দ কৰাৰ লগতে সৰবৰাহৰ সৈতে জড়িত দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

অসম বংগ সীমান্তত পশ্চিম বংগ আৰু অসম আৰক্ষীৰ যৌথ অভিযান

এই চাহপাতৰ বজাৰ মূল্য প্ৰায় দহ লক্ষাধিক টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে৷ দুই আগষ্টত চিৰাঙৰ বিজনীৰ পৰা চাহ পাত ভৰ্তি ট্ৰাকখন দুৰ্বৃত্তই "হাই জেক" কৰি লৈ যায় বংগৰ ধুপগুৰিলৈ । ইয়াৰ পিছত পুনৰ বাৰভিশাত এটা গোদামত নমাই চাহপাত খিনি জব্দ কৰি ৰাখে । দুই আগষ্টত হাত ভৰি বন্ধা অৱস্থাত ট্ৰাকখনৰ চালকক অসম আৰক্ষীয়ে উদ্ধাৰ কৰি তদন্ত চলায় আৰু ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এজনক আটক কৰে। ধৃত লোকজনে স্বীকাৰ কৰা মতে ট্ৰাকখনত আছিল ৩৫ -৪০ কেজি ওজনৰ ৪৫০ বেগ চাহ পাত । বুধবাৰে বংগৰ উক্ত গোদামৰ মালিককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

ABOUT THE AUTHOR

...view details