কোকৰাঝাৰ, ৬ জুলাই :কোকৰাঝাৰ সদৰ চহৰৰ সমীপৰ গৌৰাং নৈ’ৰ পাথৰঘাট, জয়পুৰ, নামাপাৰাকে ধৰি নৈখনৰ বিভিন্ন বালিচৰত একাংশ বালি মাফিয়াই অবৈধভাৱে বালি খনন চলাই থকাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Illegal sand mining in Kokrajhar)৷ বন বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি চিণ্ডিকেট চক্ৰটোৱে অবৈধ বালি খনন চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে ৷
Illegal sand mining in Kokrazar:গৌৰাং নৈত বালিৰ অবৈধ খনন বালি মাফিয়াৰ এনে দৌৰাত্ম্যৰ মাজতে মঙলবাৰে বিটিআৰৰ বনবিভাগে গৌৰাং নৈ বালি চৰত অবৈধ বালি খনন চলাই থকা ছয়খনকৈ ট্ৰেক্টৰ জব্দ কৰে ।কোকৰাঝাৰ সদৰ চহৰৰ পাথৰঘাটৰ গৌৰাংনদীৰ বালিচৰত দীৰ্ঘদিনৰ পৰা অব্যাহত থকা অবৈধ বালি খনন বিটিআৰৰ বন বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ নিৰ্দেশনাত বনবিভাগে হাতে-লোটে ধৰা পেলোৱাৰ পাছত ট্ৰেক্টৰকেইখন জব্দ কৰে( Executive member Ranjit Basumatari)।
Illegal sand mining in Kokrazar:গৌৰাং নৈত বালিৰ অবৈধ খনন উল্লেখ্য যে পাথৰঘাটৰ গৌৰাং নদীৰ বালিচৰত দীৰ্ঘদিনৰ পৰা কোনোধৰণৰ ৰাজহ আদায় নিদিয়াকৈ তথা মহলৰ নিবিদা অবিহনেই বালি মাফিয়াই বালি খনন কৰি আহিছিল । উত্থাপিত অভিযোগ মতে, প্ৰতিখন ট্ৰেক্টৰৰ বাবদ বনবিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীক কমিচন আদায় দি বালি মাফিয়াই অবৈধভাৱে বালি খনন অব্যাহত ৰাখিছিল । বিষয়টো সন্দৰ্ভত বিটিআৰৰ বন বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীক অৱগত কৰাত উক্ত এলেকাত কাৰ্যবাহী সদস্যগৰাকীয়ে মঙলবাৰে আকস্মিক পৰিদৰ্শন কৰে । একাংশ লোকে নিৰ্বিবাদে বালি খনন আৰু বিক্ৰী কৰা প্ৰত্যক্ষ কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে বনবিভাগৰ লোকক অৱগত কৰে । ইয়াৰে তিনিখন ট্ৰেক্টৰত বালি ভৰ্তি আছিল আৰু আন তিনখন বালি ভৰাবলৈ বাবে সাজু কৰিছিল ।
Illegal sand mining in Kokrazar:গৌৰাং নৈত বালিৰ অবৈধ খনন উল্লেখ্য যে গৌৰাং নদীৰ বালিচৰত প্ৰতিদিনে ১৫/২০ খনকৈ ট্ৰেক্টৰে ১৫০ ৰ পৰা ২০০ ট্ৰেক্টৰ বালি অবৈধভাবে নি বিক্ৰী কৰে ৷ এনে পৰিস্থিতিত গৌৰাং নদীৰ অবৈধ বালি খননে কোকৰাঝাৰ সদৰ চহৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে । অবৈধ আৰু অবৈজ্ঞানিকভাৱে বালি খনন চনি থকাৰ বাবেই গৌৰাং নদীত হোৱা গৰাখহনীয়াৰ মূল কাৰণ বুলি অভিযোগ উত্থাপিত হৈছে ।
লগতে পঢ়ক:etv comment image Thumbnail image Encounter at Kokrajhar: আৰক্ষীৰ গুলীত আহত চিলনী চোৰ