অসম

assam

ETV Bharat / state

কোকৰাঝাৰত অবৈধভাৱে মজুত কৰি ৰখা ৪৫০ বস্তা চাউল জব্দ - Sanjay Ghosh Go down

কোকৰাঝাৰৰ নাৰাবাৰীত অবৈধভাৱে মজুত কৰি ৰখা সুলভ মূল্যৰ ৪৫০ বস্তা চাউল জব্দ । আৰক্ষীয়ে অভিযান চলাই আটক কৰিলে এজন ব্যৱসায়ীক । এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কোকৰাঝাৰ আৰক্ষীয়ে ।

Illegal rice bags seized at Kokrajhar
কোকৰাঝাৰত অবৈধভাৱে মজুত কৰি ৰখা ৪৫০ বস্তা চাউল জব্দ

By

Published : Aug 30, 2021, 1:14 PM IST

কোকৰাঝাৰৰ, ৩০ আগষ্ট: সুলভ মূল্যৰ চাউল অবৈধভাৱে মজুত কৰি ৰাখি কৃত্ৰিম নাটনিৰ সৃষ্টি কৰা ব্যৱসায়ীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কোকৰাঝাৰ আৰক্ষীয়ে । দেওবাৰে জিলাখনৰ নাৰাবাৰীত অভিযান চলাই মজুত কৰি ৰখা সুলভ মূল্যৰ ৪৫০ বস্তা চাউল জব্দ কৰে আৰক্ষীয়ে ।

কোকৰাঝাৰত অবৈধভাৱে মজুত কৰি ৰখা ৪৫০ বস্তা চাউল জব্দ

কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনেশ্বৰ বে-এ জনোৱা মতে, দেওবাৰে বিয়লি দৈনন্দিন তালাচী চলোৱাৰ সময়তে অবৈধভাৱে চাউল কঢ়িয়াই অনা এ এছ ২৫ ই চি /১৭২৬ নম্বৰৰ ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰে । ট্ৰাকখনত ৫০ কেজি ওজনৰ ২৪০ বস্তা চাউল আছিল বুলি আৰক্ষীয়ে বিষয়াগৰাকীয়ে জানিবলৈ দিছে ৷

উপযুক্ত নথি-পত্ৰ অবিহনে ট্ৰাক চালকজনে অবৈধভাৱে সূলভ মুল্যৰ চাউলখিনি কঢ়িয়াই অনাত আৰক্ষীয়ে চাউলসহ ট্ৰাকখন জব্দ কৰি চালকক সোধা-পোছা কৰে । আৰক্ষীৰ জেৰাত ট্ৰাক চালক আতোৱাৰ আলীয়ে কয় যে, নাৰাবাৰীৰ সঞ্জীৱ ঘোষৰ নামৰ এগৰাকী ব্যৱসায়ীৰ গুদামৰ পৰা চাউলখিনি অনা হৈছে ।

কোকৰাঝাৰত অবৈধভাৱে মজুত কৰি ৰখা ৪৫০ বস্তা চাউল জব্দ

ইয়াৰ পাছতে আৰক্ষীয়ে ব্যৱসায়ী সঞ্জীৱ ঘোষৰ গুডামত তালাচী চলাই পুনৰ ৫০ কেজি ওজনৰ ২১০ টা চাউলৰ বস্তা জব্দ কৰিবলৈ সক্ষম হয় ৷ অৰ্থাৎ আৰক্ষীয়ে ট্ৰাকৰ পৰা ২৪০ বস্তা আৰু সঞ্জীৱ ঘোষৰ ঘৰৰ পৰা ২১০ বস্তা চাউল অৰ্থাৎ মুঠ ৪৫০ বস্তা চাউল জব্দ কৰে ৷ হিতাধিকাৰীৰ চাউল এনেদৰে অবৈধভাৱে মজুত কৰি ৰখাৰ অভিযোগত আৰক্ষীয়ে ব্যৱসায়ী সঞ্জীৱ ঘোষক আটক কৰিছে ।

আৰক্ষীয়ে লগতে ট্ৰাক চালক আতোৱাৰ আলীকো আটক কৰে । জব্দকৃত চাউলখিনিৰ মূল্য আনুমানিক ৪ লাখ ৫০ হাজাৰ টকা হ'ব বুলি আৰক্ষীয়ে বিষয়া মনেশ্বৰ বে’-এ জানিবলৈ দিছে । বৰ্তমান সঞ্জীৱ ঘোষ আৰু আতোৱাৰ আলীৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: এটুপি বিশুদ্ধ খোৱা পানী য’ত এতিয়াও স্বপ্ন !

ABOUT THE AUTHOR

...view details