অসম

assam

ETV Bharat / state

শপত গ্ৰহণৰ বাবে সাজুঃ নৱ শৰণীয়া

বি টি এ ডিৰ ৰাজনীতি অসমৰ মূল ৰাজনীতিতকৈ সম্পূৰ্ণ বেলেগ ৷ বি টি এ ডিত ধৰ্মৰ ৰাজনীতি নচলে বৰঞ্চ সকলো জাতি জনগোষ্ঠী তথা বড়ো-অবড়ো ৰাইজে বি টি এ ডিৰ উন্নয়নৰ কথা চিন্তা কৰিহে ভোটদান কৰে বুলিও প্ৰকাশ কৰে শৰণীয়াই ৷

মোৰ জয় নিশ্চিত,শপত গ্ৰহণৰ বাবে মই সাজু : নৱ শৰণীয়া

By

Published : May 19, 2019, 5:28 PM IST

কোকৰাঝাৰ, 19 মে' : ৰাইজে মোক সাংসদ হিচাপে বিচাৰিছে যাৰ বাবেই দ্বিতীয়বাৰৰ বাবে নিৰ্বাচন খেলিছো ৷ ফলাফলক লৈ মই কোনো ধৰণৰ চিন্তা কৰা নাই বা সংকটত ভোগা নাই । শপত গ্ৰহণ কৰিবলৈহে সাজু হৈ আছোঁ।- এই মন্তব্য কোকৰাঝাৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৷

মোৰ জয় নিশ্চিত,শপত গ্ৰহণৰ বাবে মই সাজু : নৱ শৰণীয়া

সাংসদগৰাকীৰ মতে বি টি এ ডিৰ ৰাজনীতি অসমৰ মূল ৰাজনীতিতকৈ সম্পূৰ্ণ বেলেগ ৷ বি টি এ ডিত ধৰ্মৰ ৰাজনীতি নচলে বৰঞ্চ সকলো জাতি জনগোষ্ঠী তথা বড়ো-অবড়ো ৰাইজে বি টি এ ডিৰ উন্নয়নৰ কথা চিন্তা কৰিহে ভোটদান কৰে বুলিও প্ৰকাশ কৰে শৰণীয়াই ৷ গতিকে বি টি এ ডিত দ্বিতীয়বাৰলৈ সংখ্যাগৰিষ্ঠতা লাভ কৰাটো নিশ্চিত বুলি আত্মবিশ্বাস ব্যক্ত কৰে নৱ শৰণীয়াই ৷

ABOUT THE AUTHOR

...view details