অসম

assam

ETV Bharat / state

বিমলা বসুমতাৰী হত্যাকাণ্ডঃ স্বামীয়ে ঘাতকক দিছিল ৩০ হাজাৰ টকা - বিমলা বসুমতাৰী হত্যাকাণ্ড

ছাতিৰামৰ পৰা টকা লৈ বিমলা বসুমতাৰীক খুকুৰীৰে শিৰচ্ছেদ কৰে আৰু কটা মূৰটো ঘটনাস্থলীৰ পৰা কিছু আঁতৰত পেলাই দিয়ে গাইডাং মুছাহাৰী, বুথংগা বসুমতাৰী আৰু ৰবীন বসুমতাৰীয়ে ৷ পৰৱৰ্তী সময়ত ধান ৰুবলৈ যাওতে একাংশ ৰোৱনীয়ে প্ৰথমে ঘৰৰ বাৰান্দাত মহিলা এগৰাকী উবুৰি খাই পৰি থকা প্ৰত্যক্ষ কৰে । ওচৰলৈ গৈ মুণ্ডহীন মৃতদেহ দেখি ৰোৱনীসকলে হাহাকাৰ কৰি গাঁওৱাসীক খবৰ দিয়ে ।

Kokrajhar
কোকৰাঝাৰ

By

Published : Jun 29, 2020, 4:27 PM IST

কোকৰাঝাৰ, 29 জুনঃঅৱশেষত কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিলে বিমলা বসুমতাৰী হত্যাকাণ্ডৰ সৈতে জড়িত চাৰিজন লোকক ৷ জিলাখনৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে সদৰি কৰা তথ্য অনুসৰি, বিমলা বসুমতাৰীৰ হত্যাৰ আঁৰত আছিল মহিলাগৰাকীৰ স্বামী ছাতিৰাম বসুমতাৰী , চিৰাং জিলাৰ ১ নং শান্তিপাৰাৰ গাঁৱৰ গাইডাং মুছাহাৰী(৪৮), বুথংগা বসুমতাৰী(৪৮)আৰু পুব টাৰাইবাৰী গাঁৱৰ ৰবীন বসুমতাৰী ৷ ছাতিৰাম বসুমতাৰীয়ে দিয়া স্বীকাৰোক্তি মতে, তেওঁৰ প্ৰথমা পত্নী ৰোগাক্ৰান্ত হোৱাৰ আঁৰত দ্বিতীয় পত্নী বিমলা বসুমতাৰীয়ে বেজালি কৰা বুলি ভাবি দ্বিতীয় পত্নীক হত্যা কৰিবলৈ ঘাতকক 30 হাজাৰ টকা দিছিল ছাতিৰামে ৷

লগতে পঢ়কঃ কোকৰাঝাৰত মুণ্ডহীন মহিলাৰ মৃতদেহক লৈ তীব্ৰ চাঞ্চল্য

ছাতিৰামৰ পৰা টকা লৈ বিমলা বসুমতাৰীক খুকুৰীৰে শিৰচ্ছেদ কৰে আৰু কটা মুৰটো ঘটনাস্থলীৰ পৰা কিছু আঁতৰত পেলাই দিয়ে গাইডাং মুছাহাৰী, বুথংগা বসুমতাৰী, ৰবীন বসুমতাৰীয়ে ৷ পৰৱৰ্তী সময়ত ধান ৰুবলৈ যাওতে একাংশ ৰোৱনীয়ে প্ৰথমে ঘৰৰ বাৰান্দাত মহিলা এগৰাকী উবুৰি খাই পৰি থকা প্ৰত্যক্ষ কৰে । ওচৰলৈ গৈ মুণ্ডহীন মৃতদেহ দেখি ৰোৱনীসকলে হাহাকাৰ কৰি গাঁওৱাসীক খবৰ দিয়ে ।

ততালিকে স্থানীয় ৰাইজ উপস্থিত হৈ উক্ত ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ উক্ত মৃতদেহটো বিমলা বসুমতাৰীৰ বুলি চিনাক্ত কৰে আৰক্ষীয়ে ৷ লগে লগে ছাতিৰাম বসুমতাৰীক আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰে ৷ অৱশেষত নিজ মুখে সকলো কথা স্বীকাৰ কৰে ছাতিৰাম বসুমতাৰীয়ে ৷

ABOUT THE AUTHOR

...view details