অসম

assam

ETV Bharat / state

বিটিচিত শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী হাগ্ৰামাৰ - KOKRAJHAR BPF RALLY

মেলেৰীয়া বেমাৰৰ দৰে কৰ'ণাও থাকি যাব বুলি মত প্ৰকাশ কৰি বিটিচিৰ নিৰ্বাচনৰ দিন ঘোষণা নোহোৱালৈকে বিপিএফে বিভিন্ন গণতান্ত্ৰিক আন্দোলন কৰি যাব বুলি স্পষ্ট কৰি দিয়ে হাগ্ৰামা মহিলাৰীয়ে। তদুপৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত ডু অৰ ডাই,লিভ এণ্ড লেট লিভ (DO OR DIE, LIVE AND LET LIVE ) নীতিৰে আন্দোলন কাৰ্যসূচীও গ্ৰহণ কৰা হব ।

বিটিচিত শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী হাগ্ৰামাৰ
বিটিচিত শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী হাগ্ৰামাৰ

By

Published : Sep 25, 2020, 4:59 PM IST

Updated : Sep 25, 2020, 5:19 PM IST

কোকৰাঝাৰ,২৫ ছেপ্টেম্বৰঃবিটিচিৰ নিৰ্বাচন ৰাজ্যপাল শাসনৰ অন্ত পৰাৰ পূৰ্বেই অৰ্থাৎ অহা ২৭ অক্টোবৰৰ পূৰ্বেই অনুষ্ঠিত কৰাৰ দাবীত শুকুৰবাৰে কোকৰাঝাৰ চহৰত বিপিএফৰ উদ্যোগত অনুষ্ঠিত হোৱা সমদল কাৰ্যসূচীৰ নেতৃত্ব লৈ হাগ্ৰামা মহিলাৰীয়ে দাবী জনাই ৷

শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী হাগ্ৰামাৰ
বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত আজি জিলা বিপিএফৰ উদ্যোগত বিপিএফৰ মুখ্য কাৰ্যালয়ৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদলৰ নেৰ্তৃত্ব বহন কৰি হাগ্ৰামা মহিলাৰীয়ে ক্ষোভ প্ৰকাশ কৰে। প্ৰৱল বৰষুণকো নেওচি কেবাশতাধিক নেতা-কৰ্মী সমৰ্থকে হাতে হাতে বেনাৰ ফেষ্টুন,দলীয় পতাকা লৈ বিপিএফ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা সমদল কাৰ্যসূচী সন্মুখৰ পৰাই নেৰ্তৃত্ব বহন কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে কৰ'ণাক কেন্দ্ৰ কৰি বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত নকৰাটো অযুক্তিকৰ। নিৰ্বাচন আয়োগে বিহাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে,গতিকে বিটিচিৰ নিৰ্বাচনো অনুষ্ঠিত কৰিব লাগে আৰু এইক্ষেত্ৰত কৰ'ণাৰ দোহাই দি নিৰ্বাচন অনুষ্ঠিত নকৰাটো অযুক্তিকৰ বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে । ইয়াৰ আঁৰত ৰাজনৈতিক অভিসন্ধিও জড়িত হৈ থকাৰ সন্দেহ ব্যক্ত কৰিছে মহিলাৰীয়ে ।
মুখ্যমন্ত্ৰী আৰু নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ প্ৰেৰণ

মেলেৰীয়া বেমাৰৰ দৰে কৰ'ণাও থাকি যাব বুলি মত প্ৰকাশ কৰি বিটিচিৰ নিৰ্বাচনৰ দিন ঘোষণা নোহোৱালৈকে বিপিএফে বিভিন্ন গণতান্ত্ৰিক আন্দোলন কৰি যাব বুলি স্পষ্ট কৰি দিয়ে হাগ্ৰামা মহিলাৰীয়ে। তদুপৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত ডু অৰ ডাই, লিভ এণ্ড লেট লিভ (DO OR DIE, LIVE AND LET LIVE ) নীতিৰে আন্দোলন কাৰ্যসূচীও গ্ৰহণ কৰা হব । লক্ষণীয়ভাৱে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ক্ষোভ,কটাক্ষ প্ৰকাশ কৰিলেও মুখ্যমন্ত্ৰীৰ প্ৰতি নৰম মনোভাৱ প্ৰকাশ কৰিছে মহিলাৰীয়ে । কোনে কি কয়,নকয়,সেয়া আমি নাজানো,আমি মুখ্যমন্ত্ৰীক জানো আৰু সেয়েহে সমদলৰ অন্তত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত মুখ্যমন্ত্ৰী আৰু নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছো বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ।


আনহাতে বিটিচিৰ নিৰ্বাচনৰ দাবীত বিপিএফ দলে প্ৰতিবাদী সমদল কাৰ্যসূচীৰ সময়তে ৰাজ্যপালে এক অধিসূচনা যোগে বিটিচিক বিটিআৰ লৈ পৰিৱৰ্তন কৰা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । এইসন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয় যে নিৰ্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ সময়তে ৰাজ্যপালে অধিসূচনা যোগে বিটিচিক বিটিআৰ কৰা কাৰ্য অসাংবিধানিক আৰু এয়া কেতিয়াও মানি লোৱা নহ'ব ।

ক'ড অব কনডাক্ট চলি থাকোতে ৰাজ্যপালৰ এই কাৰ্য অসাংবিধানিক বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিচিক বিটিআৰ কৰিবলৈ হ'লে ৰাজ্য চৰকাৰৰ কেবিনেটৰ অনুমোদন ল'ব লাগিব । বিটিআৰ আমি মানি নলও বুলি হুংকাৰ প্ৰদান কৰি এইটো কৰ্ট অৱ চেলেঞ্জেবল বুলিও মন্তব্য কৰে মহিলাৰীয়ে ।

লগতে চাওকঃ জন্মদিনত দীনদয়াল উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Last Updated : Sep 25, 2020, 5:19 PM IST

ABOUT THE AUTHOR

...view details