কোকৰাঝাৰ, 5 ডিচেম্বৰ : বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে মুখ্যমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণৰ আগদিনা জিলাখনত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । কোকৰাঝাৰ জিলাৰ শৰাইবিল বিঅ'পি তথা গোঁসাইগাঁও থানাৰ অন্তৰ্গত ৰিপু সংৰক্ষিত বনাঞ্চলৰ শৰাইবিল এলেকাৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰ ভাণ্ডাৰটো ।
মুখ্যমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণৰ এদিন পূৰ্বে জিলাখনত উৎখাত অস্ত্ৰ ভাণ্ডাৰ - হস্তনিৰ্মিত বন্দুক
আৰক্ষী, সেনা, এচএচবি আৰু চিআৰপিএফৰ যৌথ অভিযানত মাটিত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰখিনি । উদ্বাৰ হোৱা মাৰণাস্ত্ৰখিনিৰ ভিতৰত আছে একে ৪৭ ৰাইফল, বহুসংখ্যক গুলী ,হেণ্ড গ্ৰেণেড, বটল বোমা , হস্তনিৰ্মিত বন্দুক ইত্যাদি ।
মুখ্যমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণৰ পূৰ্বেই জিলাখনত উৎসাত অস্ত্ৰ ভাণ্ডাৰ
আৰক্ষী, সেনা, এচএচবি আৰু চিআৰপিএফৰ যৌথ অভিযানত মাটিত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰখিনি । উদ্বাৰ হোৱা মাৰণাস্ত্ৰখিনিৰ ভিতৰত আছে একে ৪৭ ৰাইফল, বহুসংখ্যক গুলী, হেণ্ড গ্ৰেণেড, বটল বোমা, হস্তনিৰ্মিত বন্দুক ইত্যাদি ।
লগতে পঢ়ক : ৰঙিয়াত অগ্নিকাণ্ড : জাহ গ'ল লক্ষাধিক টকাৰ সামগ্ৰী