কোকৰাঝাৰ,২৮ আগষ্ট: ৰাজ্যত ড্ৰাগছ (Drugs) আৰু নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন অব্যাহত আছে । আৰক্ষীয়ে এই বছৰটোত এতিয়ালৈ কোটি কোটি টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য জব্দ কৰিছে । নিষিদ্ধ সামগ্ৰীবোৰৰ অবৈধ সৰবৰাহত জড়িত হাজাৰ হাজাৰ লোককো আটক কৰিছে আৰক্ষীয়ে । ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীয়ে (Assam Police) জেহাদ ঘোষণা কৰাৰ পাছতো ৰাজ্যত বন্ধ হোৱা নাই এই নিষিদ্ধ সামগ্ৰীৰ বেহা ।
এইবাৰ কোকৰাঝাৰ আৰক্ষীৰ বৃহৎ সফলতা । প্ৰায় ১০ কোটি টকাৰ নিষিদ্ধ হেৰ'ইন (Heroin) জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত অসম-পশ্চিমবংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰ ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে নিশা আৰক্ষী আৰু চিআৰপিএফ বাহিনীয়ে যৌথভাৱে অভিযান চলাই দুই কেজি হেৰ'ইনসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ।
কোকৰাঝাৰৰ শ্ৰীৰামপুৰত ১০ কোটি টকাৰ হেৰইন জব্দ আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে GJ-০১-ET-৩০৬৭ নম্বৰৰ এখন কণ্টেইনাৰ ট্ৰাকৰ জৰিয়তে হেৰ'ইনখিনি সৰবৰাহ কৰা হৈছিল । আৰক্ষীয়ে এই খবৰ লাভ কৰাৰ পাছতে অভিযান চলাই আৰু হেৰ'ইনখিনি জব্দ কৰিবলৈ সক্ষম হয় । হেৰ'ইনখিনিৰ বজাৰ মূল্য ৯ ৰ পৰা ১০ কোটিৰ ভিতৰত হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই ।
কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শুকুৰবাৰে বিয়লি আয়োজিত এক সংবাদমেলত জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই সমগ্ৰ অভিযানৰ বিষয়ে সদৰি কৰে । আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে ট্ৰাকখনৰ গোপন চেম্বাৰত লুকুৱাই অনা হৈছিল হেৰ'ইনখিনি । হেৰ'ইনখিনি জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালক বিকাশ কুমাৰ আৰু অনিল কুমাৰক আৰক্ষীয়ে আটক কৰিছে । সংবাদমেলত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰকে ধৰি চিআৰপিএফৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক :ভদীয়া বানে বুৰালে ঐতিহাসিক ৰামখাপীঠ দেৱালয়