কোকৰাঝাৰ, 27 নৱেম্বৰঃ কোকৰাঝাৰৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত ট্ৰাকৰ পৰা জব্দ ম’হৰ শিং-হাড় ৷ শ্ৰীৰামপুৰত বন বিভাগৰ অভিযানত পশ্চিমবংগ অভিমুখী ট্ৰাকৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ ম’হৰ শিং-হাড়ৰ লগতে আটক হয় ইয়াৰ লগত জড়িত তিনিজন ব্যক্তি ৷ প্ৰাপ্ত বাতৰি মতে মণিপুৰৰ পৰা ইউ পি 21 চি/এন 1871 নম্বৰৰ দহ চকীয়া ট্ৰাক এখনত বৃহৎ পৰিমাণৰ বনৰীয়া ম’হৰ শিং আৰু হাড় উত্তৰ প্ৰদেশলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল ৷
শ্ৰীৰামপুৰত জব্দ বৃহৎ পৰিমাণৰ ম’হৰ শিং - অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ
শ্ৰীৰামপুৰত বন বিভাগৰ অভিযানত পশ্চিমবংগ অভিমুখী ট্ৰাকৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ ম’হৰ শিং-হাড় ৷ মণিপুৰৰ পৰা উত্তৰ প্ৰদেশলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল বনৰীয়া ম’হৰ শিং আৰু হাড়খিনি ৷
![শ্ৰীৰামপুৰত জব্দ বৃহৎ পৰিমাণৰ ম’হৰ শিং Huge amount of buffelo horn seized in Srirampur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5196425-thumbnail-3x2-moh.jpg)
শ্ৰীৰামপুৰত জব্দ বৃহৎ পৰিমাণৰ ম’হৰ শিং
শ্ৰীৰামপুৰত জব্দ বৃহৎ পৰিমাণৰ ম’হৰ শিং
তথ্যৰ ভিত্তিত কচুগাঁও বন সংমণ্ডলৰ বিষয়া মতিলাল বসুমতাৰীৰ নেতৃত্বত নিশা বন কৰ্মীৰ দল আৰু অসম বন সুৰক্ষা বাহিনীৰ দলে চলোৱা এক অভিযানত শিং-হাড়খিনিৰ লগতে ট্ৰাকখন লৈ অহা তিনিগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয় ৷ ট্ৰাকৰ চালকসহ আটকাধীন লোককেইজন ক্ৰমে উত্তৰ প্ৰদেশৰ নিৱাসী মোঃ নাছিম,আৰবাজ খান,মোঃ জুনাইদ বুলি বন বিভাগে উল্লেখ কৰে ৷