কোকৰাঝাৰ,21 জুন : ৰাজ্য চৰকাৰে প্ৰতিদিনে সমগ্ৰ ৰাজ্যত তিনি লাখ লোকক ক'ভিড প্ৰতিষেধক প্ৰদানৰ সিদ্ধান্ত লোৱাৰ পাচতে তৎপৰ হৈ পৰিছে প্ৰতিখন জিলাৰ স্বাস্থ্য তথা প্ৰশাসন বিভাগ ৷ আন আন জিলাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে কোকৰাঝাৰ জিলাতো দৈনিক 7 হাজাৰ লোকক প্ৰতিষেধক প্ৰদানৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে জিলা স্বাস্থ্য তথা প্ৰশাসন বিভাগে ৷ দেওবাৰে এই কথা সদৰি কৰে কোকৰাঝাৰ জিলাৰ জিলা উপায়ুক্ত এম.এন দাহালে ৷
দেওবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত উপায়ুক্ত গৰাকীয়ে কয়, ইতিমধ্যে জিলাবাসীৰ সহায় হোৱাকৈ বিভিন্ন স্থানত প্ৰতিষেধক প্ৰদান শিবিৰ অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ সম্প্ৰতি জিলাখনত চলি থকা বালাজান ব্লক পিএইচই, গোসাইগাঁও ব্লক পিএইচই, দোতমা ব্লক পিএইচই আৰু কোকৰাঝাৰ আৰএনবি হাস্পতালৰ পূৰ্বৰ শিবিৰ অব্যাহত থাকিব ৷ তাৰোপৰি আন 50 টা নতুন শিবিৰ স্থাপন কৰিছে জিলা প্ৰশাসনে ৷
সেৰফাংগুৰী হাইস্কুল, চিথিলা এমভি স্কুল, শক্তিআশ্ৰম হাইস্কুল, ফকিৰাগ্ৰাম হাইস্কুল, বাতাবাৰী এলপিস্কুল, পাটগাঁও হাইস্কুল, দুৰামাৰী এলপিস্কুল, হেকাইপাৰা এলপি স্কুল,ঢাওলিগুৰী হাইস্কুল, প্ৰতাপখাতা হাইস্কুল, শিয়ালমাৰী হাইস্কুল, জলেশ্বৰী হাইস্কুল,আইভানবা এলপি স্কুল, কোকসাগুৰী এমভি স্কুলকে ধৰি জিলাখনৰ ৫০ টা কেন্দ্ৰত জিলা প্ৰশাসনে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে আৰু আৰু উক্ত কেন্দ্ৰসমূহত 18 বছৰৰ উৰ্ধৰ লোকসকলে 21 জুন অৰ্থাৎ সোমবাৰৰ পৰা প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব ।